![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Assam-HSLC-Result-2019-2-644x362.jpg?itok=zaafJQts)
লখিমপুৰঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰপৰা চাৰিজনে ক্ৰমে প্ৰথম, পঞ্চম আৰু সপ্তম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
মেঘাশ্ৰী বৰা
তুচিফ তামান্না ৰহমান
অলয় বুঢ়াগোহাঁই
দ্বীপ জ্যোতি শর্ম্মা
প্ৰথম স্থান লাভ কৰে নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই। উত্তৰ লখিমপুৰৰ চেন্ট মেৰিজ স্কুলৰ ছাত্ৰ তুচিফ তামান্না ৰহমানে পঞ্চম স্থান আৰু অলয় বুঢ়াগোহাঁই আৰু দ্বীপ জ্যোতি শর্ম্মাই সপ্তম স্থান লাভ কৰে।
এই খবৰ পাই আনন্দত আত্মহাৰা হৈ পৰিছে পৰিয়াল বৰ্গৰ লগতে লখিমপুৰ বাসী।