25
Mar
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/WhatsApp%20Image%202017-03-25%20at%206.43.28%20PM.jpeg?itok=QLlICoDm)
বিহাৰঃ শুক্ৰবাৰে পাটনাত এক যজ্ঞ উৎসৱত অংশগ্ৰহণ কৰোতেই দুৰ্ঘটনাৰ সন্মুখীন হয় বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আসনৰ পৰা মঞ্চলৈ আগবঢ়াৰ সময়তে মঞ্চৰ খুটা ভাঙি আহত হয় লালু৷
উক্ত অনুষ্ঠানত অত্যাধিক মানুহৰ ভিৰ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাৰ পিছতে ততাতয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা চিকিৎসাৰ পিছত লালুক সংকটমুক্ত ঘোষণা কৰে চিকিৎসকে৷
চিকিৎসালয়ত লালুৰ পুত্ৰ তথা বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু আৰজেডি দলৰ কেইবাজনো জেষ্ঠ নেতা উপস্থিত থাকে৷ উল্লেখযোগ্য যে ২০১৫ চনতো এক ৰেলীত অংশগ্ৰহণ কৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল লালু প্ৰসাদ যাদৱ৷