14
Mar
2019
লংকাঃ লংকা চহৰত বৃহস্পতিবাৰে দিন-দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। চোৰে লুটি নিলে নগদ ১১ হাজাৰ টকাৰ লগতে ৫০ হাজাৰ টকাৰ আ-অলংকাৰ।
চহৰৰখনৰ পাঞ্জাবীবস্তিৰ এগৰাকী অংগনৱাড়ী কৰ্মীৰ ঘৰত দিনদুপৰতে ঘৰত কোনো নথকাৰ সুযোগতে চোৰে লুটপাত চলায়।
ইপিনে, স্থানীয় ৰাইজে পুৱা ১১ মান বজাত সংঘটিত চুৰিকাণ্ডৰ পাছতে লংকা-চিলং ৰোডৰ পেট্ৰ’ল পাম্পৰ ওচৰৰপৰা আইনুল হক নামৰ এটা চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে।
ইতিমধ্যে, আইনুল হক নামৰ চোৰটোৱে এই চুৰিকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। উল্লেখ্য যে, লংকা চহৰখনত বিগত কিচুদিনৰপৰা এনেধৰণৰ চুৰিৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।