
উজ্জ্বল চৌধুৰী, লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লাজুম গাঁওস্থিত এজন বিজেপি কৰ্মীৰ ঘৰত নিশা অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়৷
বিজেপি কৰ্মী পুলকেশ মহন্তৰ বাসগৃহলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তৰ এটা দলে। যাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ প্ৰকৃত ৰহস্য বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হয় এই ঘটনা।