গুৱাহাটীঃ শনিবাৰে পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।

ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শনিবাৰে। ৬০খন আসনৰ তিনি ৰাজ্যত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

07:09 PM মোডীয়ে শনিবাৰে বিজয় উৎসৱত কৰ্ম কৰ্তাক সম্বোধন কৰি কয়, মিডিয়াই আজিও গমেই নাপালে ডাঙৰ নেতা কোন৷ সংগঠনৰ শক্তি চাওক আমাৰ তাত কোনো চেলিব্ৰেটি নাছিল৷ তাৰ পিছতো আমি বিজয়ী হৈছো৷ হিন্দুস্তানৰ ৰাজনৈতিক বিশ্লেষক এই বিষয়ে বুজিব লাগিব৷ শূন্যৰ পৰা উচ্চ শিখৰলৈ যাত্ৰা আমি কৰিছো৷ সূৰ্য যেতিয়া ডুব যায় তেতিয়া লাল ৰঙ লৈ ডুব যায় আৰু উদয় হোৱাৰ সময়ত গেৰুৱা ৰং লৈ উদয় হয় বুলি কয় মোডীয়ে৷ লোকতন্ত্ৰত বিজয় আৰু পৰাজয় সম্ভৱ হয়৷ কিন্তু ৰাজনৈতিক দলৰ বাবে সহ্য কৰাটো বহুত কষ্ট হয়৷ ২০১৪ চনৰ পৰা দেখি আহিছো তেওলোকে গণতন্ত্ৰৰ দোহাই দি আহিছে কিন্তু পৰাজয় বৰণ স্বীকাৰ কৰিব পৰা নাই৷ কংগ্ৰেছ পাৰ্টি কেতিয়াও ইমান সৰু হোৱা নাছিল বুলিও কয়৷ 06:31 PM দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী, মোডীক আদৰণি জনাই সভাপতি অমিত শ্বহে কয়, নৰেন্দ্ৰ মোডী ভাই দেশৰ কোটি কোটি কৰ্ম কৰ্তাৰ তৰফৰ পৰা আপোনাক কব বিছাৰিছো আপোনাৰ সৈতে আমি আছো৷ আপোনাৰ নেতৃত্বত ২০১৯ চনত বহুত ডাঙৰ সফলতা লাভ কৰিব ওলাইছো৷ 06:21 PM কংগ্ৰেছ নেতা কমল নাথে কয়, দীৰ্ঘ সময়ৰ মূৰকত বিজেপিয়ে ত্ৰিপুৰাত শাসনলৈ আহিছে৷ কি কাৰণত এয়া সম্ভৱ হ’ল৷ ৰাজ্যৰ জনসাধৰণে কিহৰ বাবে শাসনলৈ আনিলে বুজিব লাগিব৷ 06:16 PM কংগ্ৰেছ নেতা আহমেদ পাটেলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আমি অসফল হৈছো৷ আমি কাম কৰিব লাগিব৷ 05:44 PM ত্ৰিপুৰাত বেয়াকৈ পৰাজয় বৰণ কৰাৰ পিছত চিপিআইএম নেতা সীতাৰাম য়েচুৰীয়ে সংবাদ মাধ্যমত মত প্ৰকাশ কৰি পৰাজয় বৰণৰ কাৰণ বিশ্লেষণ কৰিম বুলি কয়৷ শুধৰণি কৰিম বুলিও কয় য়েচুৰীয়ে৷ 05:18 PM মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ৰাইজক ধন্যবাদ যাচে প্ৰধানমন্ত্ৰী মোডীয়ে৷ 05:11 PM #মেঘালয়ত কংগ্ৰেছে ২১ খন, এনপিপিয়ে ১৯ খন, বিজেপিয়ে ২ খন আৰু অন্যান্যই ৮ খন আসন লাভ কৰে৷ #ত্ৰিপুৰাত বিজেপিয়ে ৪৪ খন, চিপিআইএমে ১৩ আৰু কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহল৷ বৰ্তমানেও দুখন আসনৰ ফলাফল ওলোৱা নাই৷ #নাগালেণ্ডত এনপিএফে ২৮ খন আৰু বিজেপিয়ে ২৪ খন আসন লাভ কৰে৷ কংগ্ৰেছ শূন্য আৰু অন্যান্যই ২ খন আসন লাভ কৰে৷ বৰ্তমানেও ৬ খন আসনৰ ফলাফল ওলাবলৈ বাকী আছে৷ 04:16 PM চিপিআইএম দলৰ পলিটব্যুৰ সদস্যই সংবাদমেল অনুষ্ঠিত কৰে৷ ত্ৰিপুৰাত লেফ্ট দলক ৪৫ শতাংশ লোকে ভোট দিয়াৰ বাবে ধন্যবাদ জনায় জনসাধৰণক৷ পূৰ্বৰ দৰেই ৰাইজক সেৱা কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে চিপিআইএমে৷ 04:12 PM চিপিআইএম দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ 04:00 PM বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে টুইট কৰি কয়, ত্ৰিপুৰাত বৃহৎ সমৰ্থন কৰাৰ বাবে ত্ৰিপুৰাৰ ভাই-ভনীক ধন্যবাদ৷ এয়া প্ৰধানমন্ত্ৰী মোডীৰ উত্তৰ পূৰ্বাঞ্চলৰ কল্যাণ আৰু উন্নয়নৰ ৰাজনীতিৰ বাবে এই বিজয়ৰ অভিলেখ৷’’ 03:52 PM ত্ৰিপুৰাত বেয়াকৈ পৰাজয় বৰণ কৰাৰ পিছতে চিপিআইএমৰ নেতাৰ মাজত অন্তৰ্কলহ স্পষ্ট হৈ পৰিছে৷ কেইবাগৰাকী নেতাই খোদ দলৰে নেতাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷ 03:37 PM পশ্চিম বংগৰ বিজেপিৰ নেত্ৰী ৰূপা গাংগুলীয়ে ২৫ বছৰীয়া শাসন ওফৰাই পেলোৱাৰ বাবে শুভেচ্ছা যাচে ত্ৰিপুৰৰা ৰাইজক৷ 03:25 PM কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান কৰাৰ বাবে উতত্ৰ পূৰ্বাঞ্চলৰ লোকক ধন্যবাদ যাচে৷ 03:23 PM কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধৰণক শুভেচ্ছা যাচে৷ 03:20 PMকেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিঙে টুইট কৰি ৰাজ্যৰ জনসাধৰণ আৰু বিজেপিৰ নেতা-কৰ্মীক ধন্যবাদ যাচে৷ 03:17 PM বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কাৰ্যালয়ত উপস্থিত হয় কিছু সময় পূৰ্বে৷ বিজেপিৰ নেতা-কৰ্মীয়ে অমিত শ্বাহক বিপুল ভাৱে আদৰণি জনায়৷ 03:13 PM ত্ৰিপুৰাত বিজেপিয়ে ১৯ খন আৰু চিপিআইএমে ৯ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ২৩ খন আৰু চিপিআইএমে ৮ খন আসন জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছে ৪ খন এনপিপিয়ে ১ আৰু বিজেপিয়ে ১ খন আৰু ইউডিপিয়ে ২ আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে ১৮ খন, ইউডিপিয়ে ৭ খন আৰু এনপিপিয়ে ১৭ খন আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফে ১৪ খন আৰু বিজেপিয়ে ১৪ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ১৪ খন আৰু এনপিএফে ১৪ খন আসনত জয়ী হয়৷ 02:28 PM ত্ৰিপুৰাত বিজেপিয়ে ২৬ খন আৰু চিপিআইএমে ১৩ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ১৫ খন আৰু চিপিআইএমে ৫ খন আসন জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছে ৯ খন এনপিপিয়ে ৩ আৰু বিজেপিয়ে ২ খন আৰু ইউডিপিয়ে ৩ আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে ১৩ খন, ইউডিপিয়ে ৬ খন আৰু এনপিপিয়ে ১৫ খন আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফে ১৯ খন আৰু বিজেপিয়ে ১৭ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ১২ খন আৰু এনপিএফে ৯ খন আসনত জয়ী হয়৷ 01:35 PM ত্ৰিপুৰাত বিজেপিয়ে ২৯ খন আৰু চিপিআইএমে ১৫ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ১২ খন আৰু চিপিআইএমে ৩ খন আসন জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছ-১১ খন এনপিপিয়ে ৮ আৰু বিজেপিয়ে ৫ খন আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে ১০ খন, ইউডিপিয়ে ৫ খন আৰু এনপিপিয়ে ১১ খন আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফে ২১ খন আৰু বিজেপিয়ে ২৫ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ৬ খন আৰু এনপিএফে ৫ খন আসনত জয়ী হয়৷ 01:32 PM শেহতীয়া খবৰ মতে, #ত্ৰিপুৰাত বিজেপি-৩৪ খন আৰু চিপিআইএম-১৬ খন আসনত আগাঢ়ি থকাৰ লগতে বিজেপিয়ে ৭ খন আৰু চিপিআইএমে ২ খন আসন জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছ-১৪ খন এনপিপি-৮ আৰু বিজেপি-৫ খন আসনত আগবাঢ়ি আছে লগতে কংগ্ৰেছে ৮ খন, ইউডিপি-৪ আৰু এনপিপি-৫ আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফ-২০ খন আৰু বিজেপি-২৮ খন আসনত আগবাঢ়ি আছে লগতে বিজেপিয়ে ৩ খন আৰু এনপিএফ-৪ খন আসনত জয়ী হয়৷ 12:59 PM শেহতীয়া খবৰ মতে, #ত্ৰিপুৰাত বিজেপি-৩৬ খন আৰু চিপিআইএম-১৬ খন আসনত আগাঢ়ি থকাৰ লগতে বিজেপিয়ে ৫ খন আৰু চিপিআইএমে ২ খন আসন জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছ-১৭ খন এনপিপি-৮ আৰু বিজেপি-৫ খন আসনত আগবাঢ়ি আছে লগতে কংগ্ৰেছে ৫ খন, ইউডিপি-৪ আৰু এনপিপি-৫ আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফ-২৪ খন আৰু বিজেপি-২৮ খন আসনত আগবাঢ়ি আছে লগতে বিজেপিয়ে ৩ খন আসনত জয়ী হয়৷ 12:59 PM বিজেপি নেতা নলিন কোহলীয়ে কয়, যদি আন দলৰ ফলাফল প্ৰত্যক্ষ কৰে তেন্তে মানুহে কংগ্ৰেছৰ বিৰুদ্ধে ভোটদান কৰিছে৷ মানুহে চৰ্চা আৰম্ভ হৈছে মিত্ৰজোঁটৰ ঋণাত্মক দিশ সম্পৰ্কত৷ 12:35 PM শেহতীয়া খবৰ মতে, #ত্ৰিপুৰাত বিজেপি-৪০ খন আৰু চিপিআইএম-১৭ খন আসনত আগাঢ়ি থকাৰ লগতে বিজেপিয়ে ১ খন আসনত জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছ-১৮ খন এনপিপি-১১ আৰু বিজেপি-৫ খন আসনত আগবাঢ়ি আছে লগতে কংগ্ৰেছে ৫ খন আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফ-২২ খন আৰু বিজেপি-৩১ খন আসনত আগবাঢ়ি আছে লগতে বিজেপিয়ে ২ খন আসনত জয়ী হয়৷ 12:30 PM গুৱাহাটীঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই দুয়োটা সমষ্টিতে বিজয়ী হয়৷ আনহাতে ত্ৰিপুৰাত ৪০ খন আসনত আগবাঢ়ি আছে বিজেপিয়ে৷ 12:16 PM ৰাম মাধৱে সংবাদ মেলত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷ 12:08 PM শেহতীয়া খবৰ মতে, #ত্ৰিপুৰাত বিজেপি-৪১ খন আৰু চিপিআইএম-১৬ খন আসনত আগাঢ়ি থকাৰ লগতে বিজেপিয়ে ১ খন আসনত জয়ী হয়৷ #মেঘালয়ত কংগ্ৰেছ-১৮ খন এনপিপি-৯ আৰু বিজেপি-৭ খন আসনত আগবাঢ়ি আছে লগতে কংগ্ৰেছে ৫ খন আসনত জয়ী হয়৷ #নাগালেণ্ডত এনপিএফ-২৫ খন আৰু বিজেপি-২৭ খন আসনত আগবাঢ়ি আছে লগতে বিজেপিয়ে ২ খন আসনত জয়ী হয়৷ 11:50 AM শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-৪৩ খন আৰু চিপিআইএম-১৫ খন আসনত আগবাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ-৩১ খন আৰু এনপিপি-৯ খন আসনত আগবাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-২৪ খন আৰু বিজেপি-৩০ খন আসনত আগবাঢ়ি আছে৷ 11:49 AM বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীক শুভেচ্ছা যাচে৷ এয়া ঐতিহাসিক বিজয় আখ্যা দিয়ে৷ বিজেপিৰ কৰ্মী আৰু প্ৰধানমন্ত্ৰীৰ কষ্টৰ ফল বুলি কয়৷ 11:27 AM শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-৪০ খন আৰু চিপিআইএম-১৮ খন আসনত আগাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ-২৪ খন আৰু এনপিপি-১০ খন আসনত আগবাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-৩০ খন আৰু বিজেপি-২৬ খন আসনত আগবাঢ়ি আছে৷ 11:12 AM বিজেপিয়ে ত্ৰিপুৰাত ৩৭ খন আসনত আগবাঢ়ি আছে৷ ২০১৩ চনৰ নিৰ্বাচনত বিজেপিয়ে এখনো আসন পোৱা নাছিল৷ 11:09 AM ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰ ১৬৮২টা ভোটত আগবাঢ়ি আছে৷ ধনপুৰ সমষ্টিত পৰাত প্ৰতিদ্বন্দ্বতিতা কৰিছে মুখ্যমন্ত্ৰীগাৰকীয়ে৷ মাইমক চৰকাৰ যোৱা ২৫ বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছে ত্ৰিপুৰাৰ৷ 10:59 AM শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-৩৭ খন আৰু চিপিআইএম-২২ খন আসনত আগাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ-২৩ খন আৰু এনপিপি-১৪ খন আসনত আগবাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-২৭ খন আৰু বিজেপি দলে ৩০ খন আসনত আগবাঢ়ি আছে৷ 10:35 AM শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-৩২ খন আৰু চিপিআইএম-২৫ খন আসনত আগাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ ১৯ খন আৰু এনপিপি ১০ খন আসনত আগবাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-২৫ খন আৰু বিজেপি দলে ৩১ খন আসনত আগবাঢ়ি আছে৷ 10:32 AM চিপিআইএম নেত্ৰী বৃন্দা কাৰেটে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু কেইটামান ৰাউণ্ড সমাপ্ত হোৱালৈ ধ্যৰ্য ধৰিবলৈ কয়৷ ত্ৰিপুৰাৰ নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত বৃন্দাই কয়, আমাৰ দৃঢ় বিশ্বাস আছে, কেইটামান ৰাউণ্ড সমাপ্ত হ’ব দিয়া, আমি বহু আসনত আগবাঢ়িম৷ 10:23 AM ত্ৰিপুৰাৰ নিৰ্বাচনৰ দায়িত্বত থকা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব বুলি কয়৷ হিমন্তই কয়, এয়া উৎসাহজনক লক্ষণ৷ মই আশা কৰিছো আৰু আত্ম বিশ্বাস আছে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ 10-04 AM ত্ৰিপুৰা, বিজেপি-২৭, চিপিআইএম-২৭ মেঘালয়, কংগ্ৰেছ-১৯, এনপিপি-১০ নগালেণ্ড, এনপিএফ-২৯, বিজেপি-২২ 09:59 AM শ্বিলংত বিভিন্ন দলৰ সমৰ্থক পথত এনেদৰে ওলাই আহে৷ 09:57 AM আগৰতলাত ভোটগণনাত ব্যস্ত নিৰ্বাচনী বিষয়া৷ 09:54 AM শ্বিলংৰ প’ল গ্ৰাউণ্ডত পুৱাৰে পৰা হাজাৰ হাজাৰ লোক সমৱেত হৈ ভোটগণনা প্ৰত্যক্ষ কৰে৷ 09:50 AM আগৰতলাত ভোটগণনাত ব্যস্ত নিৰ্বাচনী বিষয়া৷ 09:45 AM বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ৰাম মাধৱে নাগালেণ্ড আৰু ত্ৰিপুৰাত আমাৰ দলে ভাল ফলাফল কৰিব বুলি কয়৷ আমাৰ দলে উত্তৰ পূৰ্বাঞ্চলত ভাল ফলাফল কৰিব৷

ত্ৰিপুৰাত চিপিআইএম, মেঘালয়ত কংগ্ৰেছ, নাগালেণ্ডত এনপিএফ আগবাঢ়ি আছে৷ পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত ভোটগণনা অনুষ্ঠিত হৈছে। ত্ৰিপুৰাত ২৭ খন আসনত আগবাঢ়ি আছে চিপিআইএম৷ নাগালেণ্ডত এনপিএফ-২৯ আসনত  আগবাঢ়ি আছে। মেঘালয়ত ১৫ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছে৷