ডিজিটেল ডেস্কঃ কেইদিনমানৰ পূৰ্বে কেগৰ ৰিপৰ্টে উদঙাইছিল ভাৰতীয় ৰেলৰ খাদ্যৰ গুনাগুন৷ সেই সমীক্ষাৰ যেন প্ৰমান পোৱা গ’ল আকৌ এবাৰ৷ কিয়নো এইবাৰ ৰেলৰ খাদ্যত ওলাল জেঠী৷

মংগলবাৰে উত্তৰ প্ৰদেশৰ পূৰ্বা এক্সপ্ৰেছত যাত্ৰীক দিয়া খাদ্যৰ টোপোলাত এটা মৰা জেঠী পাই যাত্ৰীয়ে৷ টিকট পৰীক্ষকক আপত্তি দৰ্শোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত ৰেল মন্ত্ৰী সুৰেশ প্ৰভুক টুইট কৰি এই সমস্ত ঘটনা বিৱৰি কয় ভুক্তভোগী যাত্ৰীয়ে৷

টুইটৰ পিছতেই যেতিয়া ৰেলখন মুগলচৰাই ষ্টেচনত ৰখে তেতিয়া কেইবাজনো জেষ্ঠ বিষয়া উপস্থিত হয় ৰেলখনত৷ বৰ্তমানলৈ ঘটনাটোৰ তদন্ত কৰি আছে বিষয়াসকলে৷