anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ নিশাটো সমগ্ৰ বিশ্ববাসীৰ বাবে এটা বিশেষ নিশা হৈ ৰল। নিশা আকাশত প্ৰত্যক্ষ কৰিলে বিলৰ দৃশ্য৷ একেলগে তিনিটাকৈ বিৰল মহাজাগতিক পৰিঘটনা প্ৰত্যক্ষ কৰিলে সমগ্ৰ বিশ্বই। ভাৰতৰ অমৃতসৰ, কেৰেলা, তিৰুৱন্তপুৰুম, বাৰানসী, জয়পুৰ সুন্দৰকৈ দেখা পালে শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ দৃশ্য৷ যি ঘটনা প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল বিশ্ববাসী। 

অসম, উত্তৰ-পূৰ্বাঞ্চলবাসীয়েও প্ৰত্যক্ষ কৰিলে এই দৃশ্য। বিশেষকৈ গুৱাহাটীত দেখা পোৱা যায় এই দৃশ্য৷ একবিংশ শতিকাৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰ গ্ৰহণ নিশা প্ৰত্যক্ষ কৰিবলৈ ভাৰতৰ বহু চহৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে৷ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাও চন্দ্ৰৰ পূৰ্ণগ্ৰাস পৰ্যবেক্ষণ কৰে অগণন লোকে৷