![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/a090ea13-84d4-4978-b5fa-01106d6516e5.jpg?itok=REH9ls4_)
মাজুলীঃ জাতীয়তাবাদী পোছাক এৰি গেৰুৱা হ’ল মাজুলীৰ টি এম পি কে জিলা সভাপতি নৃপেন কামান।
বুধবাৰে মাজুলী জিলাৰ গড়মূৰত থকা বি জে পিৰ মুখ্য কাৰ্যালয়ত বি জে পিৰ জিলা সভাপতি দীপক গোস্বামী, সাধাৰণ সম্পাদকৰ লগতে মাজুলী জিলাৰ বি জে পিৰ বহু নেতা-কৰ্মীৰ উপস্থিতিত কামানে দলটোত যোগদান কৰে।
মাজুলী জিলা বি জে পিৰ সভাপতি দীপক গোস্বামীয়ে কামানক দললৈ আদৰণি জনাই কয় দলত কামানৰ যোগদানেৰে দলটোক অধিক সক্ৰিয় কৰাৰ লগতে নিষ্ঠাসহকাৰে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়।
বি জে পিত যোগদান কৰি কামানে কয় যে জাতীয়তাবাদী দলত থাকি সমাজৰ কাৰণে কাম কৰি গৈছিল আৰু এতিয়াও বি জে পিৰ যোগেদিয়ে ৰাইজৰ সেৱা কৰি যাব বুলি উল্লেখ কৰে।