ডিজিটেল ডেস্কঃ "Feeling peaceful" with Manisha Andraskar- এই বাক্যশাৰীয়ে লিখাৰ পিছতে কৰুণ মৃত্যুক সাৱতি ল’বলগা হ’ল এটি পৰিয়ালে।

জয়ন্ত অন্দ্ৰস্কাৰে ভবা নাছিল যে তাৰ পিছতে আহিব চিৰনিদ্ৰা। দুই কন্যা আনাঘা আৰু জাহ্নৱী সহ পত্নী মনিষা অন্দ্ৰস্কাৰৰ সৈতে জম্মু-কাশ্মীৰত ভ্ৰমণলৈ যোৱা জয়ন্তই গুলমাৰ্গ হিল ষ্টেশ্যনত কেবোল কাৰেৰে ভ্ৰমণ কৰি থকা অৱস্থাতে গছ পৰি কেবোল চিঙি যোৱাত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱতি ল’ব লগা হয়।

ঘটনাত জয়ন্তৰ পৰিয়ালৰ লগতে মুঠ ৭ জন লোকৰ মৃত্যু হয়। কৰ্মসূত্ৰে দিল্লীস্থিত নাগপুৰৰ পৰিয়ালটোৱে গ্ৰীষ্মৰ বন্ধত ২২ জুনত ফুৰিবলৈ গৈছিল কাশ্মীৰ।