ইম্ফলঃ মণিপুৰৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অস্থিৰ অৱস্থাৰ অৱসান ঘটোৱাৰ বাবে আজিৰ ৰাজ্যখনৰ বিধানসভাৰ ২২ খন আসনৰ বাবে অন্তিম পৰ্যায়ৰ ভোটদান আৰম্ভ হৈছে। পুৱা সাত বজাৰ আৰম্ভ হৈছে এই ভোটদান৷ মণিপুৰৰ মুখ্যমন্ত্ৰী অক্ৰাম ইব’বি সিঙে পুৱা সাত বজাতে থাউবাল সমষ্টিৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে৷ দুপৰীয়া ১ বজালৈ ৬৮% ভোটদান সম্পন্ন হৈছে। মুঠ ৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত৷ 

ভোটদানৰ মাজতে অনুমতি নোহোৱাকৈ বিজেপিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে মণিপুৰ ভোটদান পেনেলে আঠখন বাতৰিকাকতক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে৷ ইয়াৰ মাজতে অচিনাক্ত আততায়ীয়ে ইৰম শৰ্মিলাৰ প্ৰজা দলৰ প্ৰাৰ্থীক আক্ৰমণ কৰাৰ খবৰ পোৱা গৈছে।