ইম্ফলঃ দুবছৰীয়া জাতিগত হিংসা আৰু অব্যাহত থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আকস্মিক পদত্যাগে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে এক নতুন মোৰ। ২০২৩ৰ মে’ মাহৰ পৰাই মণিপুৰত অব্যাহত আছে গোষ্ঠীগত হিংসা। বৰ্তমান সময়ত এই হিংসা কিছু শাম কাটিলেও এতিয়াও শান্ত হোৱা নাই মণিপুৰ। ৰাজ্যখনৰ এনে অস্থিৰ পৰিস্থিতিৰ মাজতে বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাৎ বৃদ্ধি পায় বিদ্ৰোহ। এনে কাৰণতে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত অৱশেষত মুখ্যমন্ত্ৰী পদৰ ত্যাগ কৰিবলৈ বাধ্য হয় বীৰেন সিং।

দেওবাৰে সন্ধিয়া ৰাজভৱনত বীৰেন সিঙে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁৰ সৈতে বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ ১৪ গৰাকী বিধায়ক উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সভাপতি এ শাৰদা আৰু দলটোৰ অন্যতম কেন্দ্ৰীয় নেতা সম্বিত পাত্ৰও উপস্থিত থাকে। উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত ব্যাপক জনগোষ্ঠীয় সংঘৰ্ষৰ সৃষ্টি হৈছিল, য’ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল। এই হিংসাৰ পটভূমিত বিজেপিৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ দুটা মূল সম্প্ৰদায় মেটেই আৰু কুকিৰ মাজত বিভাজন গভীৰ হৈ পৰিছে।

পৰিস্থিতি ইমানেই জটিল হৈ পৰে যে যোৱা বছৰৰ জুলাই মাহত এবাৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছত তেওঁৰ ঘৰৰ সন্মুখত হাজাৰ হাজাৰ সমৰ্থক গোট খাই তেওঁক পদত্যাগ কৰাত বাধা দিয়ে। ক্ষুব্ধ ৰাইজৰ হেঁচাত অৱশেষত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল নকৰাকৈয়ে তেওঁ উভতি আহিছিল। কিন্তু এইবাৰ ৰাজনৈতিক পৰিস্থিতি অধিক প্ৰতিকূল হৈ পৰাত তেওঁ পদত্যাগৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

মন কৰিবলগীয়া যে, ৰাজ্যখনৰ কমেও ১২ গৰাকী বিজেপি বিধায়কে দীৰ্ঘদিন ধৰি নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী জনাই আহিছিল। খবৰ অনুসৰি, শেহতীয়াকৈ বিধানসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীৰ মাজতো বাঢ়িবলৈ আৰম্ভ কৰিছিল উত্তেজনা। ইয়াৰ মাজতে বিদ্ৰোহী বিধায়কৰ এটা অংশই দিল্লীলৈ গৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি নেতৃত্ব সলনি কৰাৰ দাবী জনায়। বিৰোধী কংগ্ৰেছেও বীৰেন সিঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ কথা ঘোষণা কৰে। এনে পৰিস্থিতিত বৃহৎ সংকটৰ পৰা হাত সাৰিবলৈ বিজেপি হাইকমাণ্ডে তেওঁক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে।

অন্যহাতে, একাংশৰ মতে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰতো আছে বিজেপিৰ ৰাজনৈতিক কৌশল। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে সফলতা অৰ্জন কৰিছে। কিন্তু মণিপুৰৰ অশান্তি আৰু আভ্যন্তৰীণ দলীয় সংঘাতৰ ফলত সেই ইতিবাচক ভাবমূর্তিৰ ক্ষতি আশংকা কৰে নেতৃত্বই৷ তদুপৰি কুকি সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এজাহাৰেও বিজেপিক হেঁচাত পেলাইছিল। এই হিংসাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজেই উচটনি দিয়া বুলি দাবী কৰে লোকজনে। কিছুমান ফাদিল অডিঅ’ টেপৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে উত্থাপিত হয় অভিযোগ। ব্যক্তিগত ফৰেনছিক প্ৰতিষ্ঠান ট্ৰুথ লেবছে জনোৱা মতে, ৯৩% ক্ষেত্ৰত অডিঅ’ত থকা কণ্ঠ বীৰেন সিঙৰ কণ্ঠৰ সৈতে মিল খায়। উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে।

ইয়াৰ মাজতে, দেওবাৰে পুৱা দিল্লীলৈ গৈ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰে বীৰেন সিঙে। তেতিয়াই তেওঁৰ পদত্যাগৰ সিদ্ধান্ত চূড়ান্ত হয়। ইয়াৰ পিছতে ইম্ফললৈ উভতি আহি সন্ধিয়া ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে সিঙে। পদত্যাগ পত্ৰত তেওঁ লিখিছে, "মণিপুৰৰ জনসাধাৰণক ইমান দিনে সেৱা আগবঢ়োৱাৰ সুযোগ পাই গৌৰৱ অনুভৱ কৰিছো। ৰাজ্যৰ উন্নয়নৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সময়োপযোগী পদক্ষেপৰ বাবে মই কৃতজ্ঞ।" ইফালে বীৰেন সিঙে বহু পলমকৈ পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে বিৰোধী কংগ্ৰেছে।

কংগ্ৰেছ নেতা উদিত ৰাজে কয়, "যেতিয়া আমি সঠিক সময়ত তেওঁক অপসাৰণৰ দাবী জনাইছিলো, তেতিয়া বিজেপিয়ে একোৱেই কৰা নাছিল। দুয়োটা সম্প্ৰদায়ৰ মাজত স্থায়ী বিভাজনৰ সৃষ্টি হৈছে। এতিয়া পদত্যাগ কৰাটো কোনো কথা নাই।" কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদে কয়, "ইমান মানুহৰ প্ৰাণ যোৱাৰ পিছত ৰাজ্যখন বিভাজিত কৰাৰ পিছত এতিয়া আপুনি পদত্যাগ কৰিছে! কেন্দ্ৰই এতিয়া দুয়োটা সম্প্ৰদায়ৰ মাজত সংযোগ গঢ়ি তুলি শান্তি ঘূৰাই আনিব লাগে।" কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়, "পৰিস্থিতি বুজি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে। যোৱা বছৰৰ মে' মাহৰ পৰাই কংগ্ৰেছে পদত্যাগ দাবী কৰি আহিছিল, যেতিয়া মণিপুৰত হিংসাত্মক পৰিস্থিতি আৰম্ভ হৈছিল তেতিয়াৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী উঠিছিল। কিন্তু যোৱা বিশ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰলৈ যোৱা নাই।"

উল্লেখ্য যে, বৰ্তমান বিজেপিৰ ৩২ জন বিধায়কৰ লগতে নগা পিপলছ ফ্ৰণ্টৰ ৫ জন আৰু জনতা দল (ইউনাইটেড)ৰ ৬ জন বিধায়ক চৰকাৰৰ সমৰ্থনত আছে। আনহাতে বিৰোধী কংগ্ৰেছৰ মাত্ৰ ৫ জন বিধায়ক আছে মণিপুৰত। লক্ষ্যণীয় যে, ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মণিপুৰ বিধানসভাৰ অধিৱেশন। এই অধিবেশনত অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা হোৱাৰ কথা আছিল। কিন্তু মুখ্যমন্ত্রীৰ পদত্যাগৰ ফলত সেই আলোচনা অসাৰ হৈ পৰিছে৷ এতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মণিপুৰৰ দায়িত্ব কাৰ হাতত ন্যস্ত কৰে সেয়া লক্ষণীয় হ’ব।