
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ ৰাজ্যত বৰ্তমান গৰমৰ বন্ধ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান সমুহে আয়োজন কৰিছে বিভিন্ন কৰ্মশালা, কলা প্ৰদশৰ্নৰ অনুষ্ঠান, পাঠদান শিবিৰ৷ সমান্তৰালভাৱে পিছপৰি ৰোৱা নাই মৰিয়নীৰ এখন পিছপৰা চাহ বাগিছা নাগিনীজান চাহ বাগিছা৷
১ জুলাই সোমবাৰৰপৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ (আছা)ৰ নাগিনীজান প্ৰাথমিক গোট আৰু নাগিনীজান যুৱশক্তিৰ উদ্যোগৰ তৰফৰ পৰা বাগিচাৰ লগতে কাষৰীয়া অঞ্চল সমুহৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰা দেখা গৈছে৷
এই বিশেষ বিনামূলীয়া পাঠদান শিবিৰ ১ জুলাইৰপৰা ৩০ জুলাইলৈকে চলি থাকিব৷ এই শিবিৰত প্ৰায় ৭০ জন ছাত্ৰ-ছাত্ৰী শিক্ষা দান প্ৰদান কৰিব স্থানীয় শিক্ষক সকলে আৰু বাগিচা খনৰ শিক্ষিত যুৱক যুৱতী সকলে।
আয়োজক সমিতি আদিবাসী ছাত্ৰ সন্থাৰ নাগিনীজান প্ৰাথমিক গোট আৰু নাগিনীজান যুৱশক্তিৰ এনে কাৰ্য্যক শৈক্ষিক সমাজে সলাগ লোৱাৰ লগতে সমগ্ৰ নকছাৰি ৰাইজে শলাগিছে৷