ডিজিটেল ডেস্কঃ লাখৰ ঘৰত নহয়, বিবাহৰ নামত খৰচ কৰিব দহ কোটি টকা৷ অৱশ্যে চেলিব্ৰেটীৰ বিয়া বুলিলে কথাই বেলেগ হৈ পৰে৷ তাকো এলা পেছা চেলিব্ৰেটিৰ বিয়া নহয়৷ দহ কোটি ব্যয়েৰে যুগ্ম জীৱনৰ পাতনি মেলিব ওলোৱা যুটিটো হৈছে দক্ষিণৰ সুন্দৰী অভিনেত্ৰী সমাংথা ৰূথ প্ৰভূ আৰু চুপাৰষ্টাৰ অক্কিনেনী নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰ৷
দুয়োৰে মাজত থকা গভীৰ ভালপোৱাৰ অন্তত দুয়োজনে শেষত বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে যুগ্মজীৱনৰ আৰম্ভণী চিৰ স্মৰনীয় কৰি ৰখাৰ উদ্দেশ্যেই দুয়োজনে এক ব্যয়বহুল বিবাহ অনুষ্ঠান আয়োজন কৰিব বিচাৰিছে৷ দুয়োগৰাকী চেলিব্ৰেটীৰ বিয়াখনত কমেও দহ কোটি টকা খৰচ কৰা হ’ব বুলি জানিব পৰা গৈছে৷
শুকুৰবাৰে গোৱাত অায়োজন কৰা ৰাজকীয় বিবাহ অনুষ্ঠানখনত অতিথি হিচাপে নিমন্ত্ৰিত হৈছে চিত্ৰজগত, ৰাজনীতি আদিৰ লগত জড়িত ১৫০ গৰাকী বিশিষ্ট ব্যক্তি৷ আনহাতে চৈতন্য আৰু সামাংথাই নিজৰ বিয়াখন পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলৰ উপস্থিতিত সমাপন কৰিব বিচাৰিছে৷ সেই বাবে সংবাদ মাধ্যমকো দূৰতে ৰাখিছে পৰিয়ালবৰ্গই৷
অৱশ্যে বিবাহৰ পাছতেই হায়দৰাবাদৰ কংবেছন চেন্টাৰত এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ যত বলিউডৰো বহু কেইগৰাকী নামী-দামী তাৰকা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ আনফালে বিয়াখনক লৈ উৎসাহিত হৈ পৰিছে সংমাথা-চৈতন্যৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ৷