Siasat
Siasat

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ ভূমিকা সদায় বিশেষ৷ কিয়নো দেশৰ ভিতৰতে ডাঙৰ ৰাজ্য খনত লোক সভাৰ সমষ্টিৰ সংখ্যা অত্যাধিক৷ ৰাজ্য খনে একপ্ৰকাৰ নিশ্চিত কৰে আহিছে দিল্লীত চৰকাৰ কোনে গঠন কৰিব৷ ৮০ খন লোকসভা আসন আছে উত্তৰ প্ৰদেশত৷ যাৰ বাবে সমগ্ৰ দেশৰ চকু উত্তৰ প্ৰদেশৰ পিনে থাকে৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰতিটো খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰে৷ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদি উত্তৰ প্ৰদেশৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল৷

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ বিজেপিৰ দখলত আছে৷ কেন্দ্ৰৰ শাসনতো আছে বিজেপি৷ কিন্তু উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰিয়েই ৰাজনীতি কৰি অহা বিএছপি আৰু এছপি দুয়োটা দলেই বৰ্তমান শাসনত নাই৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত বিজেপি আৰু তথা মোডীৰ হাৱাই তচনচ কৰি পেলোৱা এছপি আৰু বিএছপি দলে দুয়োটা দলে লগলাগি বিজেপিক শাসনৰ পৰা ওফৰাবৰ বাবে চেষ্টা কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷

উত্তৰ প্ৰদেশত ২টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ উপ-নিৰ্বাচনত মায়াবাতীৰ দলে প্ৰাৰ্থী থিয় নকৰাই৷ তাৰ দ্বাৰা মায়াৱতী আৰু অখিলেশ সিং যাদৱৰ এছপি দলে ভিতৰে ভিতৰে একত্ৰিত হৈছে৷ তাৰ বিনিময়ত উত্তৰ প্ৰদেশৰ পৰা সমাজবাদীৰ সমৰ্থনত ৰাজ্যসভালৈ যাব মায়াৱতীৰ দলৰ এগৰাকী লোক৷ ইতিমধ্যে ৰাজ্য সভাৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মায়াৱতীয়ে৷ মায়াৱতীয়ে দলিত নেতা উত্তৰ প্ৰদেশৰ চিনাকী চেহেৰা ভীমৰাও আম্বেদকাৰৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে ঘোষণা কৰে৷

পূৰ্বে মায়াৱতীয়ে নিজেই ৰাজ্য সভালৈ যাব বুলি ধাৰণা কৰা হৈছিল যদিও ভীমৰাও আম্বেদকাৰৰ হে নাম ঘোষণা কৰে৷ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিএছপি আৰু এছপিয়ে লগলাগি নিৰ্বাচন খেলিব নেকি তাক লৈ চৰ্চা আৰম্ভ হৈছে৷

যদি মিত্ৰ জোঁট কৰি দুয়োটা দলে নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে লাভজনক হ’ব বুলি ইতিমধ্য চৰ্চা আৰম্ভ হৈছে৷ মায়াৱতীক দেশৰ দলিত নেতা ৰূপে পৰিচিত আৰু বিএছপিক দলিত সংগঠন ৰূপে জনা যায়৷ তেওঁৰ আহ্বানত দলিত ভোট একত্ৰিত হৈ আহিছে৷ দলিত ভোটেৰে ইতিমধ্যে মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পৰ্যন্ত হৈছে৷

লোকসভা আৰু ৰাজ্য সভাতো বহু আসন দখল কৰিবলৈ সক্ষম হৈছিল মায়াৱতীয়ে৷ ক্ৰমান্বয়ে বিজেপিৰ উত্থান হোৱাত দুয়োটা দলেই সংকটত পৰে৷ বিজেপিৰ ধৰ্মীয় ৰাজনীতিৰ সন্মুখত সংকটত পৰে দুয়ো দল৷ এতিয়া দুয়ো দলে লগ লাগি নিৰ্বাচন খেলাৰ বাহিৰে গত্যন্তৰ নোহোৱাৰ দৰে হৈছে৷ যোৱা লোক সভা নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰতিশ্ৰুতিৰ বন্যাত থৰকাছুটি হেৰুৱাইছিল দুয়োটা দলৰ৷ মায়াৱতীৰ আহ্বানত দলিত ভোট এছপিৰ ফালে আহিব যদিও সমাজবাদী পাৰ্টিৰ ভোট বিএছপিৰ ফালে যাব নে নাই তাক লৈ আশংকা নথকা নহয়৷ গোৰখপুৰ আৰু ফুলপুৰ লোক সভাৰ উপ-নিৰ্বাচনত এছপিয়ে বহুজন সমাজবাদী পাৰ্টিৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷

তাৰ বিনিময়ত বিএছপিয়ে লাভ কৰিব ৰাজ্য সভাৰ এখন আসন৷ এছপিৰ সমৰ্থনত বিএছপিৰ প্ৰাৰ্থী ৰাজ্য সভালৈ যাব এয়া এক ঐতিহাসিক ঘটনা বুলি কোৱা হৈছে৷ ৰাজ্য সভাত মায়াৱতীৰ দলৰ ৰাজ্য সভাৰ প্ৰাৰ্থীক অখিলেখৰ দলে সমৰ্থন কৰিব এয়া এক ৰাজনৈতিক পৰিঘটনা বুলি বিবেচিত হৈছে৷

ইতিহাস চালে দেখা যায় ইয়াৰ পূৰ্বেও মায়াৱতী আৰু সমাজবাদী পাৰ্টিৰ হোতা মুলায়ম সিং যাদৱে হাত মিলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ ৯০ৰ দশকত উত্তৰ প্ৰদেশত উগ্ৰ হিন্দুত্ববাদীৰ জোৰদাৰ ৰাজনীতি আৰম্ভ হৈছিল৷ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে লগ লাগিছিল অখিলেশৰ পিতৃ তথা সমাজবাদী পাৰ্টিৰ হোতা মুলায়েম সিং আৰু দলিত ৰাজনীতিৰ হোতা কাশীৰাম৷ উত্তৰ প্ৰদেশত ২৫ বছৰ পূৰ্বে সমাজবাদৰ সংগ্ৰাম কৰা আৰু দলিতৰ বাবে সংগ্ৰাম কৰা দুয়ো নেতাই লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷

সেই সময়ত এই ৰণনীতি সফল হৈছিল৷ বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ পৰিৱেশ উত্তাল কৰা বিজেপিক সেই সময়ত তচনচ হৈ গৈছিল৷ ১৯৯৫ চনত বিএছপি আৰু এছপিৰ মাজত হোৱা মতানৈক্যৰ বাবে এই সম্পৰ্কৰ সমাপ্তি ঘটিছিল৷ সেই সময়ত সুবিধা লৈছিল বিজেপিয়ে৷ বিজেপিয়ে সমৰ্থন দি মায়াৱতীক মুখ্যমন্ত্ৰী পাতিছিল৷ তাৰ পিছৰে পৰা যোৱা ২৩ বছৰত মুলায়াম আৰু মায়াৱতীয়ে ৰাজনীতিৰ ক্ষেত্ৰত কেতিয়াও একত্ৰিত হোৱা নাই৷ আনকি চাহ একাপ খাবৰ বাবেও লগ লগা নাই৷ বৰ্তমান সময় সলনি হ’ল৷

মুলায়মৰ পুত্ৰৰ হাতত আছে এতিয়া সমাজবাদী পাৰ্টিৰ নেতৃত্ব৷ ২০১৬ চনত বিধান সভা নিৰ্বাচনৰ সময়ত দলৰ ভিতৰৰ খাম খেয়ালিৰ বাবে মুলায়ম সিং দলৰ পৰা আতৰি অহাৰ ফলত পুত্ৰৰ হাতলৈ আহে দলৰ নেতৃত্ব৷ অখিলেশৰ হাতত নেতৃত্ব অহাৰ লগে লগে বৰফ গলিব ধৰিছে৷ বিহাৰৰৰ দৰেই মহাগঠবন্ধন হোৱাৰ দিশে উত্তৰ প্ৰদেশতো৷ কিন্তু মায়াৱতীয়ে এই প্ৰস্তাৱক নাকচ কৰি আহিছে৷