শ্বিলংঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই শনিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্যৰ ফলাফল জনসাধৰণৰ মাজলৈ আহে৷মেঘালয়ত কংগ্ৰেছে ২১ খন, এনপিপিয়ে ১৯ খন, বিজেপিয়ে ২ খন আৰু অন্যান্যই ৮ খন আসন লাভ কৰে৷ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।
ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ল শনিবাৰে। মেঘালয়ত কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত কোন দলে কাৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ বিজেপি দলে মাথো ২ খন আসন লাভ কৰিছে যদিও এনপিএফ, বিজেপি আৰু নিৰ্দলীয় মিলি চৰকাৰ গঠন কৰিব বুলি চৰ্চা আৰম্ভ হৈছে৷
অসমৰ ভঙা-পতাৰ মাষ্টৰ খ্যাত হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত কোনো কাৰণত কংগ্ৰেছক চৰকাৰ গঠন কৰিব নিদি আন আন দল আৰু নিৰ্দলীয়াক লৈ চৰকাৰ গঠন কৰাৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই নিৰ্দলীয়াৰ সৈতে যোগাযোগ কৰি গাদী ৰক্ষাৰ চেষ্টা কৰিব বুলিও খবৰ ওলাইছে৷
পাহাৰীয়ে ৰাজ্য খনত ৬০টা বিধান সভা সমষ্টি যদিও ৫৯টা বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়৷ ৩৭২ গৰাকী প্ৰৰ্থীৰ শনিবাৰে ভাগ্য নিৰ্ণয় হয়৷ কংগ্ৰেছে পূৰ্বে অনুমান কৰা মতেই ফলাফল লাভ কৰিবলৈ সক্ষম বুলি চৰ্চা আৰম্ভ হৈছিল যদিও সেয়া সম্ভৱ নহল৷ যোৱা দুটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ অহা মুকুল চাংমাক এনপিপিয়ে প্ৰত্যাহ্বান জনালে যদিও বিজেপিয়ে প্ৰত্যাহ্বান জনাব নোৱাৰিলে৷ আনহাতে মেঘালয়ৰ বাহিৰে আন দুখন ৰাজ্য ত্ৰিপুৰা আৰু নাগালেণ্ডত কংগ্ৰেছে এতিয়াও আসন লাভ কৰিব নোৱাৰালি৷