![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/_100597290_mediaitem100597287.jpg?itok=px34MME7)
ডিজিটেল ডেক্সঃ য়েমেনৰ হউথি বিদ্ৰোহীয়ে চৌদি আৰবৰ ৰাজধানী ৰিয়াধ আৰু আন আন চহৰত কৰা ক্ষেপনাস্ত্ৰ আক্ৰমণক তীব্ৰ নিন্দা কৰিছে ভাৰতে।
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে ৰিয়াধকে ধৰি আন আন চহৰৰ অসামৰিক লোকৰ জনবসতিপ্ৰধান অঞ্চলত কৰা ক্ষেপনাস্ত্ৰৰ আক্ৰমণ গৰিহনাযোগ্য।
নিৰীহ লোকৰ জীৱন আৰু সা-সম্পত্তিৰ হানিক লৈ ভাৰত উদ্বিগ্ন। ভাৰতে সন্ত্ৰাসবাদ আৰু সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ প্ৰকাশ কৰে।
উল্লেখ্য যে, য়েমেনৰ হউথি বিদ্ৰোহীয়ে দেওবাৰে নিশা দীৰ্ঘ দূৰত্বৰ বেলেষ্টিক মিছাইলেৰে ছৌদি আৰবত আক্ৰমণ চলাইছিল।