12
Nov
2018
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ananth.jpg?itok=j3L3KAW2)
বেংগালুৰুঃ কেন্দ্ৰীয় মন্ত্ৰী আনন্থ কুমাৰে সোমবাৰে পুৱতি নিশা প্ৰায় দুই বজাত বেংগালুৰুৰ এখন হাস্পতালত ইহ সংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।
মোডী মন্ত্ৰীসভাত কেমিকেল আৰু ফাৰ্টিলাইজাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা কুমাৰ কৰ্কট ৰোগত ভোগি আছিল আৰু যোৱা মাহত তেওঁ আমেৰিকাত চিকিৎসা কৰি ঘূৰি আহিছিল।
মৃত্যুৰ সময়ত তেওঁৰ পত্নী তেইয়াস্বিনী আৰু দুই কন্যা তেওঁৰ কাষত আছিল। প্ৰয়াত নেতাজনক শ্ৰদ্ধা জনাব পৰাকৈ মৃতদেহ বেংগালুৰুৰ নেচনেল কলেজত ৰখা হ’ব।
১৯৯৬ চনৰপৰা দক্ষিণ বেংগালুৰু লোকসভা আসনখনক প্ৰতিনিধিত্ব কৰি অহা বি জে পি নেতাজনৰ মৃত্যুত বাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 'ট্ৰেজিক’ বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।