ডিজিটেল ডেস্কঃ কেন্দ্ৰৰ বিজেপি চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷ সেই সময়তে দুর্নীতিগ্রস্ত বিষয়াসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা মন্তব্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

উল্লেখ্য, কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে এটি অনুষ্ঠানত অংশ লৈ কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। যদি কোনো বিষয়াই দুর্নীতিত লিপ্ত হয় সেই বিষয়াৰ শাস্তি হিচাপে ডিঙি কাটি লোৱা হ’ব বুলি কোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

জানিব পৰা মতে, বিহাৰৰ নিজৰ সমষ্টিত গ্ৰামোন্নয়ন সন্দৰ্ভত এক প্ৰচাৰ সভাত অংশ লৈ উক্ত বিতৰ্কিত মন্তব্য কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমাৰ এটাই উদ্দেশ্য থাকিব বুলি কৈ আঁচনিসমূহৰ দ্বাৰা সকলোৱে লাভৱান হওক৷ নিবিদা আৰু নিৰ্মাণতো পাৰদৰ্শিতা থাকিব লাগিব বুলি ঠিকাদাৰসকলকো উভতি ধৰে মন্ত্ৰীগৰাকীয়ে৷

কিয়োনো ইয়াৰ সৈতে মোৰ নাম জড়িত হৈ আছে৷ গতিকে যদি কোনোবাই কোনোধৰণৰ খেলিমেলিৰ সৃষ্টি কৰে তাঁৰ ডিঙি কাটি দিয়াৰ উপৰিও তাঁৰ বিৰুদ্ধে গোঁচৰ তৰা হ’ব৷ প্ৰয়োজন হলে জেইলতো পঠিয়াম বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সিঙে৷