ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশ লৈ দেশলৈ সন্মান কঢ়িয়াই আনিলে চাইকাম মীৰাবাই চানুৱে৷ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক আজুৰি আনিলে মীৰাবাই চানুৱে৷ মহিলাৰ ৪৮ কেজি ভাৰত্তোলনত মীৰাবাই চানুৱে স্বৰ্ণ পদক লাভ কৰে৷ 

তাৰ লগে লেগ নিজৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে মীৰাবাই চানুৱে৷ চানুৰ জৰিয়তে প্ৰথমটো সোণৰ মেডেল লাভ কৰিলে ভাৰতে৷  

বিগত বছৰত বিশ্বমিটত ১৮০ কেজি ওজনত ভাগ লৈছিল চানুৱে৷ দেশ এৰাৰ পূৰ্বে সোণৰ পদক অবিহনে দেশলৈ উভতি নাহে বুলি কৈ গৈছিল চানুৱে৷ বিশ্বচেম্পিয়ন চানুৱে কোৱা ধৰণেই পদক লাভ কৰে৷ 

কমনৱেলত গেমছত চানুৰ এয়া দ্বিতীয় মেডেল৷ ইয়াৰ পূৰ্বে গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছিল চানুৱে৷