মিৰ্জাঃ সমাগত লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্যৰ আকাশ-বতাহ ৰাজনৈতিক উভয়ৰে উজ্জিৱীত হৈ থকাৰ মাজতে কিছুদিন পাছতে আহিবলগীয়া অসমীয়া জাতিৰ অতি আদৰৰ হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে অসমৰ ৰাইজ।

নিৰ্বাচনী তৎপৰতাৰ মাজতো সদিয়াৰপৰা ধুবুৰীলৈ শিল্পীকে ধৰি সাধাৰণ ৰাইজে ব্যস্ত হৈ পৰিছে ৰঙালী বিহুলৈ‌৷ তেনেদৰে ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ  কেহেৰুৱাবাৰীতো সমাগত ৰঙালী বিহুক লৈ বিহুৰ আখৰা আৰম্ভ হৈছে। আখৰাৰ তত্বাবধান কৰিছে শিল্পী ভাতৃদ্বয় ৰুবুল বৈশ্য আৰু বুবুল বৈশ্যই। 

এই আখৰাত অঞ্চলটোৰ কিছুসংখ্যক শিশুৱে ভাগ লৈছে আৰু তাৰে দুজনমান নিৰ্বাচিত শিশু বিহুৱা আৰু নাচনীয়ে বিহুৰ পোছাক পৰিধান কৰা দৃশ্যই সকলোকে আপ্লুত কৰিছে।

উল্লেখ্য যে, এগৰাকী নৃত্যশিল্পী হিচাপে সুনাম থকা বুবুল বৈশ্যৰ তত্বাবধানত আৰু পৰিচালক অঞ্চলটোৰ কেইবাটাও শিল্পীৰ দলে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকৰ ভুয়সী প্ৰসংশা লাভ কৰিছে।