মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী উপ ডাকঘৰৰ এগৰাকী পোষ্টমাষ্টৰে নিজৰ কাৰ্যকালত গ্ৰাহকৰ জমাকৃত ধন আত্মসাত কৰি প্ৰায় দুমাহ ধৰি পলায়ণ কৰি আছিল৷ অৱশেষত আজি আৰক্ষীয়ে তেওঁক নিজ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত আপাৰ কছাৰী গাঁও (কেৰাবস্তী) ৰ নিবাসী নিলম নাৰ্জাৰী নামৰ পোষ্টমাষ্টৰ গৰাকী মিছামাৰী উপ ডাকঘৰত বদলি হৈ অহাৰ পাছৰে পৰা গ্ৰাহকৰ জমাকৃত ধন হৰলুকি কৰি আহিছিল৷ অভিযোগ মতে কম দিনৰ ভিতৰত ২০ লাখৰো অধিক টকা আত্মসাত কৰিছিল।
তেজপুৰ প্ৰধান ডাকঘৰৰ অধীনস্থ মিছামাৰী উপ ডাকঘৰৰ গ্ৰাহকৰ জমাকৃত ধন প্ৰধান ডাকঘৰৰ সৈতে হিচাপ নিমিলাত প্ৰধান ডাকঘৰৰ কৰ্তৃপক্ষই তদন্তকযোগে ধৰা পেলাইছিল৷ মিছামাৰী উপ ডাকঘৰ তদন্তৰ অন্তত ২০ লাখৰো অধিক গ্ৰাহকৰ জমাকৃত ধনৰ হিচাপ খেলিমেলি পোৱাত বিভাগীয় কৰ্তৃপক্ষই তৎকালিন ভাৱে নিলম নাৰ্জাৰীক চাকৰিৰ পৰা নিলম্বিত কৰাৰ উপৰি তেওঁৰ বিৰুদ্ধে মিছামাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।
মিছামাৰী থানাৰ আৰক্ষীয়ে এজাহাৰ পোৱাৰ পাছৰে পৰা নিলম নাৰ্জাৰীক বিচাৰি চলাথ কৰিছিল যদিও পোষ্টমাষ্টৰ গৰাকী আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল। অৱশেষত আজি আৰক্ষীৰ হাতত আটক হোৱাৰ পাছত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪০৬-৪০৯-৪২০ ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।