ছিপাঝাৰঃ 'দুই এক সাংবাদিক বন্ধু আছে যিয়ে পইচা পালে নিজৰ মাককো বিক্ৰী কৰিব'- আজি ছিপাঝাৰত এইদৰে সাংবাদিকক লৈ চূড়ান্ত অপমানজনক মন্তব্য কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। এটা পথক লৈ কমিছনৰাজৰ দৰে গুৰুতৰ অভিযোগ উঠা বিধায়কগৰাকীয়ে অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সংবাদ মাধ্যমক নীতি শিক্ষাৰ পাঠহে দিলে।

উল্লেখ্য যে, কামৰ তুলনাত ফোপোলা উন্নয়ণৰ ভাষণেৰে ৰাইজৰ কণামাকৰি সৰোৱা বিধায়কগৰাকীক শনিবাৰে ইয়াৰ পিঠাখোৱা গাঁৱত ৰাইজে এটা পথক লৈ জবাবদিহি কৰিছিল। পিঠাখোৱা গাঁৱৰ পঁচিশটা পৰিয়াল অহা-যোৱা কৰা এটা পথৰ উন্নয়নৰ বাবে দশকৰ পিছত দশক উকলি যোৱাৰ পিছতো কোনো জনপ্ৰতিনিধিয়ে মন-কাণ নকৰিলে। একেদৰে নিজকে বিধায়কগৰাকীৰ ভাগিনীয়েক বুলি পৰিচয় দিয়া তথা দেৱানন্দ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীগৰাকীও ঘটনাক্ৰমে পথটোক লৈ আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছিল।

পথটোৰ উন্ময়নৰ প্ৰতি উদাসীন সভানেত্ৰী গৰাকীৰ সৈতে ৰাইজৰ বিবাদ লগাত শাৰিৰীক নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চপাৰ লগতে বিধায়কগৰাকী থকালৈকে পথটোৰ উন্নয়ন হ'বলৈ নিদিয়াৰ হুমকি দিছিল। ইপিনে ৰাইজে নিজেই উদ্যোগ লৈ তদানীন্তন জনৈক শৰ্মা উপাধিৰ কনিষ্ঠ অভিযন্তাৰ জৰিয়তে পথটোৰ উন্নয়নৰ প্ৰাককলন কৰাৰ পিছতে তেওঁৰ বদলি হয়। তেওঁৰ পিছত নিতুমণি মজুমদাৰ নামৰ কনিষ্ঠ অভিযন্তাজনে এই সন্দৰ্ভত টিএছৰ নামত পাঁচ হাজাৰ আৰু ওপৰঞ্চি পঁচিশ হাজাৰ টকা কমিচন হিচাপে লয় যদিও ইতিমধ্যে তেওঁৱো বদলি হৈ যায়।

ৰাইজৰ অভিযোগ অনুসৰি সেই পঁচিশ হাজাৰ টকা অভিযন্তাগৰাকীয়ে জিলা প্ৰকল্প বিষয়া আৰু বিধায়ক পৰমাৰ নামত কমিছন হিচাপে লৈছিল আৰু সেই ধন ৰাইজে ঘৰে ঘৰে তুলি দিবলৈ বাধ্য হৈছিল। প্ৰণিধানযোগ্য যে, অভিযন্তাজনে বিধায়কগৰাকীয়ে পথটোৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক পতিয়ন নিয়াইছিল। কিন্তু মাহ দিন উকলি যোৱাৰ পিছতো পথ নিৰ্মাণৰ কোনো যো-জা নোহোৱা দেখি আৰু অভিযন্তা মজুমদাৰে এই সম্পৰ্কীয় কথাক লৈ ফোন নধৰাক লৈ ক্ষুন্ন হৈ থকা গাওঁবাসীয়ে নিশা এক অনুষ্ঠানলৈ গৈ থকা বিধায়কগৰাকীক আগছি ধৰি এই বিষয়ে জবাবদিহি কৰাৰ সমান্তৰালভাৱে পৰিৱেশ উত্তাল কৰি তোলে।

ইপিনে কমিছনৰাজক লৈ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো দুৰ্নীতিৰ পোহাৰ মেলা অভিযন্তাজনৰ পৰিৱৰ্তে সাংবাদিকৰ ওপৰতহে খৰ্গহস্ত হৈ পৰে বিধায়ক পৰমানন্দ। আনকি পইচাৰৰ বিনিময়ত সাংবাদিকে মাককো বিক্ৰী কৰিব বুলিহে মন্তব্য কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে , বিগত ২০২২ বৰ্ষৰ প্ৰলয়ংকৰী বানত ছিপাঝাৰ সমষ্টিৰ পশ্চিম প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ পকী পথৰ কেইবাটাও খণ্ড বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। বিশেষকৈ হালধা লাউজান পথ, লাউজান ছিপাঝাৰ পথকে ধৰি কেইবাটাও বানত ক্ষতিগ্ৰস্ত পথ মেৰামতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ আহৰি আজিকোপতি নহ'ল বিধায়কগৰাকীৰ। ইমানেই নহয়, সমষ্টিটোৰ ভালেমান পথে উন্নয়নৰ মুখ নেদেখা বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

ইফালে জনতাৰ কামলৈ পিঠি দিয়া বাবেই পিঠাখোৱাপাৰাবাসীয়ে বিধায়কগৰাকীক জবাবদিহি কৰিছিল বুলি বিজেপিৰ একাংশ সমৰ্থকেও মন্তব্য প্ৰকাশ কৰা দেখা গৈছে। বিধায়কগৰাকীয়ে এনেকৈ পিঠাখোৱাৰ উক্ত ঘটনা আৰু কমিছনৰাজ সন্দৰ্ভত বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ পিছত সমগ্ৰ ঘটনাটোক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰি সাংবাদিকৰ বিৰুদ্ধেহে অধিক সৰৱ হৈ পৰা কাৰ্যক লৈ সমষ্টিটোত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।