25
May
2017

প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চাহাৰণপুৰৰ জিলাৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সমগ্ৰ জিলাখনতে ম’বাইল ইণ্টাৰনেট আৰু মেচেজিং সেৱা নিষিদ্ধ ঘোষণা কৰিছে।
বিগত এসপ্তাহ ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলি থকা দুটা গোষ্ঠীৰ মাজত হিংসা-বিদ্বেষক লৈ উৰাবাতৰি ৰোধ কৰাৰ বাবেই জিলা প্ৰশাসনে এই পদক্ষেপ লোৱা বুলি বিজ্ঞপ্তিত প্ৰকাশ।
সমাজবিৰোধী কেতবোৰ চক্ৰই হোৱাটচআপ, ফেচবুক আদিৰ জড়িয়তে অঞ্চলটোত বিষয়টোক লৈ উৰাবাতৰি বিয়পোৱাৰ কথা আৰক্ষীৰ তদন্তত ওলাই পৰাৰ পৰিপ্ৰেক্ষিততে ধাৰা ১৪৪ ৰ আধাৰত এই সিদ্ধান্ত লৈছে চৰকাৰে।