![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/HD_Kumaraswamy.jpg?itok=a7gDWJH3)
বাংগালুৰুঃ আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি, মমবাতি জ্বলাবলৈ দেশবাসীক জনোৱা আহ্বানৰ আৰত বিজেপিৰ গোপন এজেণ্ডা আছে বুলি দাবী কৰিছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে। ইয়াৰ লগতে তেওঁ উক্ত আহ্বানৰ কি বৈজ্ঞানিক ভিত্তি আছে সেয়া স্পষ্ট কৰি দিবলৈকো এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীক দাবী জনাইছে।
এটাৰ পিছত এটাকৈ মুঠ তিনিটা টুইট কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনোৱা দেখা গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। 'প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে চাকি আৰু মমবাতি জনাবলৈ কৈছে নেকি? ৬ এপ্ৰিল হৈছে বিজেপিৰ প্ৰতিষ্ঠা দিৱস, সেয়ে এই আয়োজনৰ বাবে উক্ত আহ্বান জনোৱা হৈছে বুলি অনুমান কৰিব পৰা যায় নে? মই প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনাইছো এই আহ্বানৰ আঁৰত থকা বিজ্ঞানসন্মত কাৰণ ব্যাখ্যা কৰিবলৈ।’- কাইলৈ ৬ এপ্ৰিলৰ দিনটো যে বিজেপিৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস সেয়া দেশবাসীক সোঁৱৰাই দি এক টুইটত এইদৰে কয় কুমাৰস্বামীয়ে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাষ্ট্ৰীয় সংকটক নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰাতো অতিশয় লজ্জাজনক আৰু বিশ্বজুৰি সৃষ্টি হোৱা সমস্যা এটাতো নিজৰ গোপন এজেণ্ডা পূৰণ কৰিবলৈ যোৱাতো দেশবাসীৰ বাবে ভয়াৱহ কথা। চৰকাৰে প্ৰয়োজনীয় কৰ্তব্য আৰু দায়িত্ব যেনে চিকিৎসাকৰ্মীসকলক প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰদানৰ ব্যৱস্থা নকৰি এনেবোৰ অলাগতিয়াল কাণ্ড-কাৰখানা কৰি দেশবাসীক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে কুমাৰস্বামীয়ে।
তেওঁ আৰু কয়, 'কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ কি কি বিজ্ঞানসন্মত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে সেয়া অৱগত নকৰাকৈ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগতেও দেশবাসীক যুক্তিহীন কাম কৰিবলৈ বাধ্য কৰাইছে। এইবাৰো তেনে কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীৰ শুভবুদ্ধি উদয় হওক।’
উল্লেখ্য যে যোৱা শুকুৰবাৰে পুৱা ৯ বজাত এক ভাষণযোগে ৫ এপ্ৰিল, অৰ্থাৎ আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে দেশবাসীক লাইট বন্ধ কৰি চাকি, মমবাতি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাছ জ্বলাই দেশবাসী যে এই সংকটৰ সময়তো এক হৈ আছে সেয়া দেখুৱাবলৈ আহ্বান জনাইছিল। ইয়াৰ পূৰ্বেও কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জনাবলৈ আন এটা দেওবাৰত কাহী-বাতি বজাবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে।
ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে লাইট বন্ধ কৰি চাকি-মমবাতি জ্বলাবলৈ আহ্বান জনোৱাৰ পিছতে সমগ্ৰ দেশতে অতিক সতৰ্কতা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে দেশৰ শক্তিখণ্ডৰ সৈতে জড়িত অভিযন্তাসকল। পাৱাৰগ্ৰীডৰ সমস্যাই যাতে দেখা নিদিয়ে তাৰ বাবে দেশৰ ভিন্ন চহৰত বিদ্যুৎ বিভাগে মাইকযোগে ৰাইজক মেইন চুইচ অফ নকৰিবলৈকো মাইকযোগে ঘোষণা কৰা শুনা গৈছে।