
তিনিচুকীয়াঃ ২৬ মে' ২০১৭। অসমৰ ইতিহাসত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব এই বিশেষ দিনটো। এই দিনটোতে মুকলি হৈছিল ধলা-শদিয়া সংযোগী দেশৰ দীৰ্ঘতম দলংখন। সমগ্ৰ দেশবাসীয়ে সেই দিনা টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন ৰাইজৰ বাবে মুকলি কৰা ঐতিহাসিক মুহূৰ্তটো।
দলং মুকলিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চ'না মিনই। কেবিনেট মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ কামাখ্যা তাছা, প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলীৰ লগতে অসম-অৰুণাচলৰ একাধিকে বিধায়কো উক্ত অনুষ্ঠানত উপস্থিত আছিল। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ নামত উত্সৰ্গা কৰা এই দলঙৰ নাম সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সেঁতু হিচাপে ঘোষণা কৰে ৷
প্ৰধানমন্ত্ৰীৰ এই ঘোষণাই সমগ্ৰ ৰাজ্যতে আনন্দৰ লহৰ তোলে। এনে আনন্দৰ মাজতো নীৰৱে উচুপি উঠিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পৰ্শ লাভ কৰা স্মাৰক স্তম্ভই। এই স্মাৰক স্তম্ভৰ পৰ্দা আতৰাই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰা বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইমানৰ পিছতো এক গুপুত বেদনাত সেইদিনা চকুলো টুকিছিল স্মাৰক স্তম্ভটোৱে।
যোৱা দুসপ্তাহে এই বেদনা নিজৰ মাজতে লৈ আছিল স্মাৰক স্তম্ভটোৱে। কিন্তু কিমান দিন? অৱশেষত নিজৰ দুখৰ কাহিনী ৰাজহুৱা কৰিবলৈ বাধ্য হৈ পৰে মোদীৰ স্পৰ্শ লাভ কৰা স্মাৰক স্তম্ভটোৱে।
দেশৰ দীৰ্ঘতম দলংখনৰ স্মাৰক স্তম্ভই দুখৰ কাহিনী ৰাজহুৱা কৰাৰ লগে লগে আৰম্ভ হৈছে ব্যাপক চাঞ্চল্যৰ ৷ উদ্বোধনৰ দিনটোত সকলোৱে ভাবিছিল যে স্মাৰক স্তম্ভৰ ফলকত লিপিৱদ্ধ হোৱা শব্দবোৰ মাৰ্বলৰ ফলিত লিপিবদ্ধ কৰা হৈছে।
উদ্বোধনৰ পিছতো দুদিন আগলৈকে সকলোৱে এনেদৰেই ভাবি আহিছিল। পিছে স্মাৰক ফলকৰ বাওঁফালৰ কোণটোৱে সকলোকে ধাৰণা সলনি কৰিবলৈ বাধ্য কৰি তোলে।
স্মাৰক ফলকৰ বাওঁফালৰ কোণটোলৈ লক্ষ্য কৰাৰ পিছতে সকলোৱে বুজি উঠে যে এখন মাৰ্বল ফলি সদৃশ ফ্লেক্সহে তাত আঁঠা লগাই থোৱা হৈছিল। দেশৰ প্ৰধানমন্ত্ৰীকো আঁভূৱা ভাৰি প্ৰায় ২ হাজাৰ কোটিতকৈয়ো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মিত দলং এখনৰ স্মাৰক ফলক এখন যে ইমান নিম্ন মানদণ্ডৰ হ'ব পাৰে সেয়া জানিব পাৰি এতিয়া হতচকিত হৈ পৰিছে ৰাজ্যবাসী।
দেশৰ দীৰ্ঘতম দলংখন চোৱাৰ লগতে এপাক উঠি চোৱাৰ তীব্ৰ হেঁপাহ লৈ ইয়াত উপস্থিত হোৱা দূৰণিবটীয়া ৰাইজে বাওঁফালৰ কোণ এৰি যোৱা স্মাৰক স্তম্ভৰ ফলক প্ৰত্যক্ষ কৰি উদ্ধোধনী অনুষ্ঠানৰ দৰে ঐতিহাসিক দিনটোক মাৰ্বলৰ ফলিত খোদিত কৰি স্থায়ী ৰূপ দিব নোৱাৰিলেহেঁতেন নে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ একে প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজেও।
সম্প্ৰতি নিৰাপত্তাৰক্ষী নিয়োজিত নোহোৱাৰ সুযোগ লৈ কোনো দুষ্টচক্ৰৰ লোকে স্মাৰক স্তম্ভৰ ফ্লেক্সৰ ফলকখন আজুৰি ফালি পেলাব পাৰে বুলি সচেতন ব্যক্তিসকলে শংকা ব্যক্ত কৰিছে। বৰষুণৰ ফলতো ফ্লেক্সৰ আঁঠা এৰাই যোৱাৰ লগতে প্ৰখৰ ৰ'দত ৰং উঁৱলি যাব পাৰে বুলিও শংকা ব্যক্ত কৰি সচেতন মহলে সংশ্লিষ্ট পক্ষৰ এনে বিবেকহীন কাৰ্যক একমুখে ধিক্কাৰ দিছে।