
মৰিগাঁওঃ নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ জালুগুটিত ফ্লায়িং স্কোৱাড গোটে ২ লাখ ৯৬ হাজাৰ টকা জব্দ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।
উল্লেখ্য যে ঘনশ্যাম নাথৰপৰা ২ লাখ ২ হাজাৰ আৰু বিশ্বজিৎ হাজৰিকাৰপৰা ৯৪ হাজাৰ টকা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোমৰ উপস্থিতিত জব্দ কৰা হয়।
জানিব পৰা মতে জালুগুটিৰ আৰক্ষীয়ে সাতগাঁৱত চলাই থকা নিয়মীয়া তালাচীৰ সময়ত আবেলি বিশেষ সূত্ৰৰ পম খেদি ফ্লায়িং স্কোৱাড গোটে উক্ত ধন ৰাশি জব্দ কৰিবলৈ সক্ষম হয়।