(এক)

কেইজনমান মানুহে এজন লোকক হাত-ভৰি বান্ধি পিটিছে। মানুহজনে হাতযোৰ কৰি নিপিটিবলৈ অনুৰোধ কৰিছে যদিও মানুহ কেইজনে কিবা এটা আসুৰিক আনন্দ লাভ কৰিছে এই কাৰ্য্যত। মানুহকেইজনৰ অভিযোগ তেওঁ চোৰাং গৰু সৰবৰাহকাৰী। মানুহজনৰ দাবী-গৰু চোৰ নহয় তেওঁ। যোৱা ২০ বছৰ ধৰি স্থানীয় বজাৰ খনত তেওঁ গৰু বিক্ৰী কৰি আহিছে। মানুহকেইজনে নামানিলে। সঁচানে মিছা প্ৰমাণ কৰিবলৈ কাৰো আজৰি নাই। কেৱল পিটিছে। এসময়ত মানুহ জনে চিঞৰিবলৈ এৰিলে। তাৰ পাছতো অত্যাচাৰ চলি থাকিল। পুলিচ আহিল। মানুহজনক উঠাই হাস্পতাললৈ লৈ গ'ল। ডাক্তৰে ক'লে-'sorry '

পুলিচে সমগ্ৰ ঘটনা তদন্ত কৰিলে। মানুহজন নিৰ্দোষী আছিল। তেওঁক অপৰাধী সজোৱা মানুহ কেইজনকহে অপৰাধী বুলি সাব্যস্ত কৰিলে আদালতে। কিন্তু সেই ঘটনাটোৱে এটা পৰিয়াললৈ নমাই আনিলে ঘোৰ অমানিশা। নিৰ্দোষী প্ৰমাণিত হ'লেও ঘূৰি নাহিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিগৰাকী।

(দুই)

এজন-দুজনকৈ মানুহবোৰ গোট খালে। প্ৰথমে কথাৰ কটাকটি। বাইক আৰোহীজনৰে ভুল আছিল। বুজিও মানুহবোৰে বুজিব নিবিচাৰে। এজনে প্ৰথমে গাড়ীৰ ছাবিটো কাঢ়ি ল'লে। বাইক আৰোহীজনৰ আঘাত বেছি হোৱা নাই। মানুহবোৰৰ আচৰণ দেখি তেওঁ ক'লে- 'বাইকখন মই ভাল কৰি দিম। তেখেতক হাস্পতাললৈ লৈ যাব দিয়ক'। পলাব খুজিছ বুলি এজনে প্ৰথম গটা এটা মাৰিলে । ৭ মহীয়া সন্তানক কোলাত লৈ লগত থকা পত্নীয়ে স্বামীক সাবতি ধৰি তেওঁক বচাবলৈ চেষ্টা কৰিলে। কিন্তু মানুহবোৰে নেৰিলে। এজনে বটল এটাত পেট্ৰল আনি গাড়ীখন জ্বলাই দিলে। মানুহজনে বাধা দিব নোৱাৰিলে। পত্নীয়ে চিঞৰি চিঞৰি কান্দিলে দপদপাই জ্বলা গাড়ীখনলৈ চাই। মানুহবোৰৰ কিন্তু বিৰাট স্ফুৰ্তি। তেতিয়াও পথৰ দাঁতিতে পৰি আছিল আঘাত পোৱা ল'ৰাটো...

(তিনি)

মহিলা গৰাকীক এজাক মহিলাই ঘৰৰ ভিতৰৰ পৰা চুলিত ধৰি চোচৰাই আনিলে। উৎসাহী এগৰাকীয়ে মুখত চূণ আৰু ছাই সানিলে। সেয়াই অৰম্ভণি। তাৰ পিছত মহিলাগৰাকীক চেন্দেলৰ মালা পিন্ধাই দিলে। এইখিনিতে শেষ নহ'ল। আৰু আগবাঢ়িল। মাকক প্ৰহাৰ কৰা দৃশ্য চাই থাকিব নোৱাৰি ৮ বছৰীয়া ছোৱালীজনী মাজত সোমাল। কি আচৰিত মাকৰ লগতে তাইকো পিটিলে তথাকথিত ভদ্ৰ আৰু সভ্য বুলি দাবী কৰা মানুহবোৰে। 
মহিলা গৰাকীৰ ভুল আছিল- প্ৰেমত পৰিছিল বিয়াৰ পিছতো!

(চাৰি)

এখন জনসমাগম শূন্য ঠাই। বহি আছিল দুয়ো। হাতত বেত লৈ ওলালহি দুটামান। কথা নাই, বতৰা নাই আৰম্ভ হ'ল জেৰা। মাটিত তলমূৰ কৈ শুবলৈ দি দুয়োকে বেতেৰে কোবালে। বেতৰ কোবত সিহঁত দুটাই যিমান ডাঙৰকৈ চিঞৰে সিহঁতক অত্যাচাৰ চলোৱা কেইটাই সমানে ডাঙৰকৈ হাঁহিছিল। মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি সেই দৃশ্য ভাইৰেল কৰিলে। দুয়োৱে একো অপৰাধ কৰা নাছিল। তেওঁলোক বহিছিলহি সেই ঠাইত। পাতিছিল প্ৰেমৰ তাড়নাত দুই-এষাৰ কথা। ভুল ক'ত হ'ল নাজানিলে দুয়োৱে...

(পাঁচ)

এইবোৰ এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। যিসকলে মৰেল পুলিচৰ ভাও ধৰি সামাজিক প্ৰমূল্যৰ কথা কয় তেওঁলোকৰ বাবেহে আন এক সামাজিক সমস্যাৰ সৃষ্টি হৈছে। প্ৰচাৰ মাধ্যমত এনেবোৰ খবৰে আপ্ৰয়োজনীয় গুৰুত্ব লাভ কৰাত এই প্ৰৱণতা বেছি হ'বলৈ ধৰিছে। দোষীয়ে শাস্তি পাব লাগে। সেই বিচাৰ কৰাৰ এক ব্যৱস্থা আছে। তাৰ বিপৰীতে মৰেল পুলিচৰ এই কৰ্মকাণ্ডই বহু নিৰ্দোষীলোকৰ জীৱন অন্ধকাৰ কৰিছে। আজি মৰেল পুলিচ হৈ দাদাগিৰি কৰা সকল কাইলৈ যে নিজেই মৰেল পুলিচৰ পাল্লাত নপৰিব কি মানে আছে? মৰেল পুলিচ হোৱাৰ প্ৰৱণতা এতিয়া এক ডাঙৰ সামাজিক ব্যাধি হৈ পৰিছে!