18
Mar
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/a059e298-717c-4ebb-9b74-f5d90e049e93.jpg?itok=-FWxl4aw)
মোৰাঝাৰঃ হোজাই জিলাৰ ঐতিহ্যমণ্ডিত নীলবাগান ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত প্ৰাইজ মানি ডে টি টেন ক্ৰিকেট প্ৰতিযোগিতাৰ সোমবাৰে ফাইনেল খেলত বুৰীবাইল বুম বুম আৰু বৰহাওৰৰ ইউনাইটেড ক্লাবৰ মাজত অনুষ্ঠিত হয়৷
খেলত মুখ্য অতিথি হিচাপে ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মা, বিশিষ্ট সমাজসেৱী আলহাজ হাফিজ কালানদৰ আলী বৰলস্কৰ আৰু বিশিষ্ট কবি ৰাজীব হুছেইন, বিশিষ্ট সাংবাদিক ছাদিকুজ জামানকে ধৰি নীলবাগান ক্ৰীড়া সন্থাৰ সভাপতি তমিজুৰ ৰহমানসহ বিষয়ববীয়া উপস্থিত থাকে৷ খেলত বিজয়ী হোৱা দলটোক নগদ পঁচিছ হাজাৰসহ ট্ৰফী প্ৰদান কৰি পুৰষ্কিত কৰা হয়৷