মোৰাঝাৰঃ  দৰিদ্ৰ লোকক সহায় কৰি ভাল পোৱা এজন যুৱক৷ যুৱক জনৰ নাম চুহেল আহমেদ৷  যুৱ সমাজসেৱী হিচাপে জন সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে চুহেলে৷

মোৰাঝাৰৰ সুতাৰপুৰৰ বাসিন্দা চুহেলে সামাজিক দায়বদ্ধতা পালন কৰি সহায়ৰ হাত আগবঢ়াই দৰিদ্ৰলোকক৷

উল্লেখ যোগ্য যে, যোৱা কিছু দিন পূৰ্বে হোজাই জিলাৰ ডবকাৰ বগীৰাম গাঁৱৰ বাসিন্দা দিলৱাৰ হুচেইনৰ পুত্ৰ আনৱাৰ হুচেইন এক  দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল৷ গুৱাহাটীত চিকিৎসাধীন হৈ থকা দৰিদ্ৰ পিতৃয়ে পুত্ৰক চিকিৎসা কৰিব পৰাৰ ক্ষমতা নায়৷

এই খবৰ লাভ কৰি আনোৱাৰৰ কাষত থিয় দিছে যুৱ সমাজসেৱী চুহেল আহমেদে৷ তেওঁ ইতিমধ্যে যাৱতীয় সাহাৰ্য্য প্ৰদান কৰাৰ লগতে ঔষধ পাতিৰপৰা আৰম্ভ কৰি সকলো খৰচ বহন কৰি আঘাতপ্ৰাপ্ত যুৱকজনৰ প্ৰাণ ৰক্ষা কৰে৷

এনেদৰে বহু লোকক সহায় কৰি অহা, দুখীয়াৰ দুখ বুজা লোক ধনী নহ’লেও মনৰপৰা ধনবান হৈ কাম কৰে৷ যাৰ পৰিণতি স্বৰূপে এনে কাম কাজৰ বাবে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে চুহেল আহমেদে৷