বটদ্ৰৱাঃ শুকুৰবাৰে নগাঁও জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব কলিয়াবৰ লোকসভা সমষ্টিৰ ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে৷ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সাংসদগৰাকী আজি পুৱাই উপস্থিত হয়হি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুন্ঠখ্যাত বটদ্ৰৱা থানত৷

যুৱ সাংসদগৰাকীক বটদ্ৰৱা থানত পৰিচালনা সমিতিৰ হৈ সভাপতি দেৱানন্দ দেৱ গোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, সহকাৰী সম্পাদক যোগেন বৰুৱা, দৌলযাত্ৰা মহোৎসৱৰ সাংস্কৃতিক সম্পাদক মন্টু বৰা প্ৰমুখ্যে কাৰ্যকৰী সদস্যসকলে ধৰ্মবস্ত্ৰ, শৰাই, স্মৃতিগ্ৰন্থ, বটদ্ৰৱা থান বৰ্ণনাৰ গীত আদিৰে উষ্ম সম্বৰ্ধনা জনায়৷

ইয়াৰ পিছতে গৌৰৱ গগৈয়ে বটদ্ৰৱা থানত শৰাই-নৈবেদ্য, ঘিঁউৰ বন্তি চাকি আগবঢ়াই সেৱা নিবেদন কৰে৷ সত্ৰাধিকাৰ প্ৰমুখ্যে কেৱলীয়া ভকতসকলে তেওঁ মনোকামনা পূৰনাৰ্থে আশীষ নিৰ্মালি প্ৰদান কৰি গোসাঁই মুৰত দিয়া ফাকু সানি নিৰ্মালী প্ৰদান কৰে৷ ইয়াৰ পিছতে সাংসদগৰাকী দৌল মন্দিৰলৈ যায় আৰু তাতো দৌল গোসাঁইৰ শ্ৰীচৰণত সেৱা আগবঢ়াি ভকতসকলৰপৰা আৰ্শীবাদ আৰু ফাকু নিৰ্মালি গ্ৰহন কৰে৷

দৌলযাত্ৰা মহোৎসৱ উপলক্ষে বটদ্ৰৱা থানত সমবেত অগনন ভক্তপ্ৰান ৰাইজে গৌৰৱ গগৈক কাষতে পায় মৰম, আদৰ, আশীৰ্বাদেৰে উপচাই পেলোৱা পৰিলক্ষিত হয়৷ সাংসদগৰাকীয়েও অতি আন্তৰিকাৰে সকলোৰে লগতে মত বিনিময় কৰি আগন্তুক সময়ৰ বাবে আৰ্শীবাদ বিচাৰে৷ পিছত নগাঁও, ধিং, বটদ্ৰৱাৰ সংবাদসেৱী সকলৰ লগত মত বিনিময় কৰি সকলোৰে শুভকামনা গ্ৰহন কৰা পৰিলক্ষিত হয়৷