12
Dec
2018

নগাঁওঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আৰু ৮ টাকৈ ৱাৰ্ড সদস্যৰ পদ বি জে পিয়ে দখল কৰিছে ৷
বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি সভাপতি পদত দিগন্ত কুমাৰ নাথ (বি জে পি)-এ ২৩৫০ টা ভোট পোৱাৰ বিপৰীতে ঘনশ্যাম বৰা (অ গ প)ই ৮২২ টা আৰু সুৰেণ হাজৰিকা (কংগ্ৰেছ)ই ৭৫৬ টা ভোট লাভ কৰিছে৷
আনহাতে আঞ্চলিক সদস্য পদত তপন বৰদলৈ (বি জে পি)-এ ২১২১ ভোট পোৱাৰ বিপৰীতে যমুনা ডেকা (অ গ প)ই ১১১১টা আৰু হেমন্ত বৰা (কংগ্ৰেছ)ই ৭৯৮ টা ভোট লাভ কৰে৷