নলবাৰীঃ বাদ-বিসম্বাদ আৰু অন্তৰ্কন্দলে জুৰুলা কৰা ধৰ্মপুৰ কংগ্ৰেছত সম্প্ৰতি অব্যহত আছে দল ত্যাগৰ ধাৰাবাহিক জোৱাৰ৷ বুধবাৰে সমষ্টিটোৰ ৩১ (৩) দক্ষিন পকোৱা পঞ্চায়তৰ মূখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰাৰ অৰ্থে অনুষ্ঠিত অনুষ্ঠানত কংগ্ৰেছৰ দুৰ্গস্বৰূপ বাটসৰ-বগুৰিহাটীৰ বহুকেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে৷

উক্ত পঞ্চায়তখনৰ সভাপতি তথা পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উপ-সভাপতি নাজিম উদ্দিন আহমেদৰ তত্বাৱধানত বিজেপিত যোগদান কৰা সদস্যসকল হ'ল ক্ৰমে কন্দৰ্প বৰুৱা, অজয় বৰুৱা, প্ৰসন্ন বৰুৱা, পুতুল বৰুৱা, মাধৱ বৰুৱা আদি৷ 

বগুৰিহাটী-বাটসৰ পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ সভাপতি ভাগ্য মোহন তালুকদাৰৰ পৌৰহিত্বত যোৱা নিশা প্ৰায় ৯ বজাত অনুষ্ঠিত সভাখনত সদ্য পদত্যাগী কংগ্ৰেছ কৰ্মীসকলক ফুলাম গামোচা আৰু বিজেপিৰ প্ৰতিকসম্বলিত টুপিৰে দললৈ আদৰণি জনোৱা হয়৷ সভাত নাট্যকাৰ আজাদ হুছেইন, বগুৰিহাটী নিৰ্বাচনী প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি শিৱ শৰ্মা, সম্পাদক জিতু বৰুৱা আদি উপস্থিত থাকে৷ সদ্য পদত্যাগী কংগ্ৰেছ কৰ্মীসকলে জানিবলৈ দিয়া মতে, ধৰ্মপুৰৰ প্ৰাক্তন বিধায়ক নিলমনি সেন ডেকাৰ কাৰ্যকালত এচাম মধ্যভোগী লোকহে লাভান্বিত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত দুখীয়া কংগ্ৰেছ কৰ্মীখিনি সদায় উপেক্ষিত হৈ আহিছিল৷ তেওঁলোকে আৰু জানিব দিয়া মতে, ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী পাটোৱাৰীৰ চলিত কাৰ্যকালত ধৰ্মপুৰৰ যথেষ্ট উন্নয়ন হোৱাৰ লগতে সৰ্বস্তৰৰ ৰাইজ উপকৃত হৈছে৷ 

যাৰ বাবে তেওঁলোকে বিজেপি তথা চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা বুলি প্ৰকাশ কৰে৷ আনহাতে, পঞ্চায়ত সভাপতি নাজিম উদ্দিনে জানিব দিয়া মতে, অতি শীঘ্ৰে বগুৰিহাটীৰ বহুকেইগৰাকী হেভিৱেইট নেতাই বিজেপিত যোগদান কৰিব৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত ধৰ্মপুৰ কংগ্ৰেছত অব্যহত থকা প্ৰৱল খহনীয়াই কংগ্ৰেছ দলত মোক্ষম আঘাট হনাৰ বিপৰীতে বিজেপি শিবিৰক অধিক উৎফুল্লিত কৰিছে৷