♦ বাণিজ্য শাখাত সপ্তম স্থানৰে উজলিল নলবাৰী বাণিজ্য মহাবিদ্যালয়
♦ বিজ্ঞান শাখাত দশম স্থানৰে উজলিল চামতাস্থিত ইডেন ভেলী একাডেমীৰ মধুস্মিতা বৰ্মন
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/nall1.jpg?itok=C7iY_Oh4)
হেমন্ত কলিতা,নলবাৰীঃ জাপি শিল্পৰ শিল্পী মধু বৈশ্যৰ কন্যা প্ৰতিভা বৈশ্যই বাণিজ্য শাখাত সপ্তম স্থান দখল কৰি বালা মুগকুছি (মুগকুছি) লৈ কঢ়িয়াই আনিলে গৌৰৱ । দৰিদ্ৰতাক নেওচি ৯১•৬ শতাংশৰে কঢ়িয়াই আনিলে এই সুনাম ৷
অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰি নলবাৰী বাঁহজানীলৈ সুখ্যাতি কঢ়িয়াই আনিছে ছাত্ৰী গৰাকীয়ে। নলবাৰীৰ এখন আগশাৰীৰ মহাবিদ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বানিজ্য শাখাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰিছে জিলাখনৰ বাহঁজানী মৌজাৰ বালা মুগকুছিৰ প্ৰতিভা বৈশ্যই ৷ নলবাৰী বানিজ্য মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিভাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৫৮ নম্বৰ লাভ কৰে।
এই সাফল্যত ছাত্ৰীজনীৰ ঘৰত এতিয়া আনন্দৰ বন্যা বৈছে আৰু বাহঁজানীৰ বিভিন্ন সংগঠন,অনুষ্ঠান- প্ৰতিষ্ঠান আদিয়ে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে। উল্লেখ্য যে,২০১৭ চনত দশম শ্ৰেণীত জৱাহাৰ নৱোদয় বিদ্যালয়ৰ পৰা ছাত্ৰীজনী ১০ পইন্টৰে সুক্ষাৰ্থীৰে উৰ্ত্তীণ হৈছিল । প্ৰতিভাৰ সাফল্যত সমূহ বালামুগকুছিবাসী আজি পুনৰ গৌৰাৱাম্বিত হৈ উঠিছে।
নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে প্ৰতিভাই । উল্লেখ্য যে দৰিদ্ৰতা সৈতে যুঁজ কৰি প্ৰতিভাই প্ৰতি খোজত আগবাঢ়ি গৈছিল । আৰ্থিক দৈন্যতাই পুষ্ট পৰিয়ালৰ মেধা ছাত্ৰী গৰাকী সাফল্যত আনন্দিত আৰু উৎফুল্লিত প্ৰতিভাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে অঞ্চলবাসী । এতিয়া প্ৰতিভাৰ মাতৃ মঞ্জু বৈশ্যৰ আনন্দ মাজটো চিন্তিত হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেধাৱী ছোৱালী জনীৰ সপোন কিদৰে বাস্তৱায়িত কৰিব পাৰিব ।
আনহাতে জিলাখনৰ চামতাৰ নিউ কলনি নিবাসী কৰুণা বৰ্মন ৰ কন্যা মধুস্মিতা বৰ্মনে চামতাস্থিত ইডেন ভেলী একাডেমী ৰ পৰা বিজ্ঞান শাখাত ৪৬৮ নম্বৰেৰে ৰাজ্যৰ ভিতৰত দশম স্থান পাবলৈ সক্ষম হয়। ভৱিষ্যতে স্থান প্ৰাপ্ত ছাত্ৰী মধুস্মিতা ৰ প্ৰবক্তা হোৱাৰ লক্ষ্য বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে । উল্লেখ্য যে নলবাৰী জিলা ৯৭.৭৯%ৰে ৰাজ্যৰ ভিতৰতে বানিজ্য শাখাত শীৰ্ষত থাকে ।