![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/naste%20trump.jpg?itok=ynONsJY_)
আহমেদাবাদঃ ভাৰতত ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না ভাইৰাছ। আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে ৫০ হাজাৰ। ৰোগবিধৰ সংক্ৰমণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পিছত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে গুজৰাট। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে পাৰ কৰিছে ৬০০০ৰ সীমা। মৃত্যু হৈছে ৩১৯ জনৰো অধিক লোকৰ।
ৰাজ্যখনত দেখা দিয়া এনে পৰিস্থিতিৰ বাবে এতিয়া কংগ্ৰেছে জগৰীয়া কৰিছে 'নমস্তে ট্ৰাম্প’ অনুষ্ঠানক। দলটোৰ গুজৰাট ৰাজ্যিক সমিতিয়ে অভিযোগ কৰি কয় যে ফেব্ৰুৱাৰীৰ শেষত ৰাজধানী চহৰ আহমেদাবাদত অনুষ্ঠিত 'নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ বাবেই আজি এনে পৰিস্থিতিৰ উদ্ভৱ হ’বলৈ পালে।
'২৪ ফেব্ৰুৱাৰীৰ নমস্তে ট্ৰাম্পৰ পৰাই ৰাজ্যখনত সংক্ৰমণ হৈছে কৰ’নাৰ। এই অনুষ্ঠানত উপস্থিত আছিল কেবা হাজাৰ আমেৰিকান লোক। আজি আমেৰিকাত কেনে পৰিস্থিতি হৈছে সকলোৱে দেখিছে। গতিকে এয়া স্পষ্ট যে গুজৰাটত নমস্তে ট্ৰাম্পলৈ অহা আমেৰিকান লোকৰ পৰাই ভাইৰাছবিধ বিয়পি পৰিছে।’-বিষয়টো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি এইদৰে কয় গুজৰাট কংগ্ৰেছে।
অভিযোগ কৰাৰ লগতে দলটোৱে এই লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনাইছে। অৱশ্যে কংগ্ৰেছৰ এনে অভিযোগক ভিত্তিহীন আখ্যা দিছে বিজেপিয়ে। শাসকীয় দলটোৱে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰাৰ পূৰ্বেই আহমেদাবাদত উক্ত অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানৰ এমাহ পিছতহে গুজৰাটত আৰম্ভ হৈছিল সংক্ৰমণ।
উল্লেখ্য যে, যোৱা ২৪ ফেব্ৰুৱাৰীত মতেৰা ষ্টেডিয়ামত নমস্তে ট্ৰাম্প অনুষ্ঠানত সমবেত হৈছিল কেবা লক্ষাধিক লোকৰ। উক্ত অনুষ্ঠানত ভাগ লৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত খৰছ হৈছিল প্ৰায় ১০০ কোটি টকা। এতিয়া সেই কোটিটকীয়া অনুষ্ঠানৰ পৰাই কৰ’না ভাইৰাছ গুজৰাটত বিয়পি পৰিছে বুলি কংগ্ৰেছে কৰা অভিযোগক লৈ ৰাজ্যখনত ব্যাপক চৰ্চা চলা দেখা গৈছে।