![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/418E857700000578-4618478-image-m-16_1497889362622.jpg?itok=i2Ap-Qsu)
ডিজিটেল ডেস্কঃ বহিৰ্জগতৰ প্ৰাণী থকা-নথকাক লৈ কৌতুহলী হৈ থকা বিশ্ববাসীক জনোৱাৰ আগতে ইতিমধ্যেই উদঘাটন কৰা হৈছে ৰহস্য। দৰাচলতে এলিয়েন আছে আৰু এই কথা নাছাই অতি সোনকালেই ঘোষণা কৰিব। ইতিমধ্যে নাছাই এলিয়েনৰ সৈতে সম্পৰ্কও স্থাপন কৰিছে।
এই দাবী এননাইমাছ নামৰ হেকাৰ গ্ৰুপটোৱে। যুক্তৰাষ্ট্ৰৰ বহুতো ক্লাচিফাইড ফাইল হেক কৰি ৰাজহুৱা কৰি বিগত কেবাবছৰো মাৰ্কিন চাইবাৰ সুৰক্ষাক ভেঙুচালী কৰি অহা হেকাৰ গ্ৰপটোৱে সদৰী কৰিছে এইকথা।
এননাইমাচৰ সৈতে সম্পৰ্ক থকাৰ দাবী কৰা এক আনঅফিচিয়েল ইউটিউব চেনেলযোগে হেকাৰ গ্ৰুপটোৱে মুকলি কৰা ভিডিঅ’টোত অভিসন্ধিমূলক ৱেবছাইট Ancient-Code.com ৰপৰা আহৰিত তিনিটা লেখনীৰ উদ্ধৃতি দি এই কথা উল্লেখ কৰিছে।
ভিডিঅ’টোত কোৱা কথাখিনি সঁচা হওক বা নহওক, ভিডিঅ’টোৱে লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। লাখ লাখ ভিৱাৰ পাইছে ভিডিঅ’টোৱে।
সৌৰজগত আৰু তাৰ কাষৰীয় গ্ৰহৰ আৱিস্কাৰৰ ন ন তথ্য উন্মোচন হোৱাৰ সময়তে এনে দাবীয়ে সাধাৰণ লোকক পতিয়ন নিয়াতো স্বাভাৱিক।