ডিজিটেল ডেস্কঃ সলনি হ’ব পাৰে NEET আৰু JEE পৰীক্ষাৰ পদ্ধতি৷ নতুন পদ্ধতি অনুযায়ী এবছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব পাৰে NEET আৰু JEE৷ পৰীক্ষাৰ্থীসকলক নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ ক্ষেত্ৰত সুযোগ দিবলৈকে এই ব্যৱস্থা হাতত লৈছে বুলি লোকসভাত সদৰী কৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে৷

এক লিখিত প্ৰশ্নৰ উত্তৰত সোমবাৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী উপেন্দ্ৰ কুশ্বৱাহাই কয় যে দুয়োটা পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰাৰ বিষয়ে চৰকাৰে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে৷ ইয়াৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সী (NTA) নামেৰে এটি স্বায়ত্ত শাসিত সংস্থা গঠনৰো যো-জা চলাই আছে চৰকাৰে৷
এই সংস্থাটোৰ হাততে অৰ্পণ কৰা হ’ব উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব৷

‘নেশ্যনেল টেষ্টিং এজেন্সী (NTA)য়ে আৰম্ভণিতে চিবিএছইয়ে অনুষ্ঠিত কৰি অহা প্ৰৱেশ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব৷ এই পৰীক্ষাসমূহ বছৰত দুবাৰকৈ অনলাইনযোগে অনুষ্ঠিত কৰা হ’ব৷’-মন্ত্ৰীগৰাকীয়ে কয়৷

উল্লেখ্য যে এই পৰ্যন্ত চিকিৎসা মহাবিদ্যালয়সমূহৰ বাবে নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট (NEET) আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাবে জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন (JEE) অনুষ্ঠিত কৰি আহিছে চেণ্ট্ৰেল ব’ৰ্ড অব ছেকণ্ডাৰী এডুকেশ্যন চমুকৈ চিবিএছই-এ৷ কিন্তু দিনদিয়েক পূৰ্বে CBSEয়ে এনে পৰীক্ষাসমূহক অতিৰিক্ত বোজা বুলি উল্লেখ কৰি ভৱিষ্যতে অনুষ্ঠিত কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল৷