22
Dec
2018
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/nepal.jpg?itok=yS1yDPaD)
কাঠমণ্ডুঃ পশ্চিম নেপালত সংঘটিত এক বাছ দুৰ্ঘটনাত অতি কমেও ২৩ জন লোক নিহত হোৱাৰ লগতে আন ১৪ জন লোক আহত হয়।
এক শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দ খাৱৈত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। শুকুৰবাৰে সংঘটিত এই শোকাবহ দুৰ্ঘটনাটোৰ কথা শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে।
উদ্ধাৰকাৰীসকলে ১৯ জন পুৰুষ আৰু চাৰিগৰাকী মহিলাৰ মৃতদেহ ঘটনাস্থলীৰপৰা উদ্ধাৰ কৰিছে।
আহতসকলক বাংকেস্থিত কহালপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাটো তুলসাপুৰ-ছল্যান পথৰ ৰামৰি নামৰ ঠাইখনত সংঘটিত হয়। বাছখন প্ৰায় ৭০০ মিটাৰ তললৈ পৰি যায়।