ডিজিটেল ডেস্কঃ সংকট নিৰাময় কৰাৰ বাবে ৫ ন্যায়াধীশৰ সমিতিৰে নতুন বেঞ্চ গঠন কৰা হয় উচ্চতম ন্যায়ালয়ত৷ ৪ ন্যায়াধীশৰ বিদ্ৰোহ কাণ্ডৰ পিছতে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই ৫ জনীয়া ন্যায়াধীশৰ এটা সমিতিৰ এখন বেঞ্চ গঠন কৰে৷ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে গুৰুত্বপূৰ্ণ গোচৰ সমূহৰ শুনানী গ্ৰহণ কৰিব৷

৪গৰাকী বিদ্ৰোহী ন্যায়াধীশক এৰি এই সমিতি গঠন কৰা হয়৷ বাৰ কাউন্সিলৰ চেয়াৰমেন মানন মিশ্ৰই সোমবাৰে ‘কাহানি খতম হ্যো গেয়া’ বুলি মন্তব্য প্ৰদান কৰে৷ ইয়াক আভ্যন্তৰীণ বিষয় বুলিও কয় কুমাৰে৷ আনহাতে মুখ্য ন্যায়াধীশক সমালোচনা কৰাৰ বাবে ৪ জ্যেষ্ঠা ন্যায়াধীশৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱা বুলি উল্লেখ কৰে কুমাৰে৷

৫গৰাকী ন্যায়াধীশৰ বেঞ্চত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ কে চিকৰি, এ এম খানবিলকৰ, ডি ৱাই চন্দ্ৰচূড় আৰু অশোক ভূষণৰ নাম থকা বুলি জানিব পৰা গৈছে৷ ১৭ জানুৱাৰীৰ পৰা এই বেঞ্চে গুৰুত্বপূৰ্ণ গোচৰৰ শুনানী আৰম্ভ কৰিব৷ আনহাতে সোমবাৰে ৪ বিদ্ৰোহী জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে মুখ্য ন্যায়াধীশে আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিওঁ আলোচনা হৈছে নে নাই সেই কথা জানিব পৰা হোৱা নাই৷

উচ্চতম ন্যায়ালয়ৰ সংকটৰ সমাধান বিছাৰি বাৰ কাউন্সিলে৷ এই ক্ষেত্ৰত দেওবাৰে মুখ্য ন্যায়াধীশৰ সৈতে মিলিত হয় বাৰ কাউন্সিলৰ প্ৰতিনিধি৷ দেশৰ বাৰ কাউন্সিলৰ চেয়াৰমেন মানন মিশ্ৰ সহ এটি প্ৰতিনিধি দল মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক সাক্ষাৎ কৰি প্ৰায় ৫০ মিনিট সময় আলোচনাত মিলিত হয়৷ আলোচনাৰ অন্তত সাংবাদিকৰ সন্মুখত মুখ্য ন্যায়াধীশৰ সৈতে পজিটিভ আলোচনা হোৱা বুলি কয় কাউন্সিলৰ চেয়াৰমেন মানন মিশ্ৰই৷

কম সময়ৰ ভিতৰত সকলো ঠিক হৈ যাব, এই ক্ষেত্ৰত বাৰ কাউন্সিলৰ ভূমিকা নগণ্য যদিও ন্যায়াধীশ সকলে আৰু কোনো সমস্যা নাই বুলি তেওলোকক জনোৱা বুলি কয়৷ স্মৰ্তব্য যে, দেশৰ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশৰ সৰ্বোচ্চ আদালতৰ চাৰিগৰাকী জ্যেষ্ঠ ন্যায়াধিশে যোৱা ১৩ জানুৱাৰীত অনুষ্ঠিত কৰিছিল এখন সংবাদমেল৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰ, বি মদন লুকুৰ, কুৰিয়াণ যোচেফ আৰু ৰঞ্জন গগৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি প্ৰশ্ন উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ প্ৰশাসনৰ বিৰুদ্ধে৷

চাৰিওগৰাকী ন্যায়াধীশে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰি দেশত তোলপাৰ লগাইছিল৷ দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে দেশৰ উচ্চতম ন্যায়ালৰ ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰি আভ্যন্তৰীণ প্ৰশাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে৷ ন্যায়মূৰ্তি জে চেলামেশ্বৰ আৰু তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে ন্যায়তন্ত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত সংবাদ মেল যোগে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে৷

ন্যায়াধীশ জে চেলামেশ্বৰৰ বাস ভৱনত অনুষ্ঠিত সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ দ্বিতীয়গৰাকী জ্যেষ্ঠ ন্যায়াধীশ চেলামেশ্বৰে কয় "আমাক ২০ বছৰৰ পিছত যাতে কোনোৱে নকওঁক যে ৪গৰাকী জ্যেষ্ঠ ন্যায়াধীশে দেশৰ আত্মা বিক্ৰী কৰিলে৷ যাৰ বাবে আমি সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ সিদ্ধান্ত ললো"৷ ভাৰতৰ লগতে যিকোনো দেশৰ উচ্চতম ন্যায়ালয়ৰ দৰে সংস্থাই ভাল দৰে কাম নকৰিলে গণতন্ত্ৰ বিঘ্নিত হ’ব৷

তেওঁ আৰু কয় যে "আমি এই বিষয় সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ সৈতে আলোচনাত মিলিত হৈছিলো যদিও তেওঁ আমাৰ কথা নুশুনিলে৷ উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে ভালদৰে কাম কৰা নাই৷ এনে বহু ঘটনা ঘটিছে যিবোৰ ঘটনা ঘটিব নালাগিছিল"৷ আনহাতে কনিষ্ঠ ন্যায়াধীশৰ বেঞ্চক গোচৰ দিয়া, ন্যায়াধীশ বৃজ গোপাল হৰকিষণ লয়াৰ মৃত্যুৰ, আধাৰ কাৰ্ড, ব্যক্তিৰ স্বাধীনতা, ন্যায়াধীশৰ আৰু নিযুক্তিৰ সন্দৰ্ভত নেচনেল জুডিচিয়েল এপইনমেন্ট কমিচন সন্দৰ্ভতো নিৰ্ভীক মন্তব্য আগবঢ়ায় চেলামেশ্বৰে৷