newsnextone.com | গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে শুকুৰবাৰে গুৱাহাটী মহানগৰীত একত্ৰিত হয় প্ৰায় ৪০টাকৈ সংগঠন৷ সাংবাদিক, বুদ্ধিজীৱী, কৃষক নেতা সহ প্ৰায় ৪০টা জাতীয় সংগঠন আৰু ব্যক্তিবিশেষৰ উপস্থিতিত প্ৰায় ৪০টাকৈ সংগঠনে নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল আৰু বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰিব নিদিয়াৰ সপক্ষে সকলোৱে মত পোষন কৰি ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ পোষকতা কৰে৷

দিনৰ প্ৰায় ৪.৩০ মিনিটৰ পৰা অনুষ্ঠিত সভাত কৃষক নেতা অখিল গগৈয়ে সভাৰ উদ্যোগ কিয় লব লগা হ’ল সেই সন্দৰ্ভত মন্তব্য আগবঢ়ায় এয়া অসমীয়া জাতিৰ বাবে অতি সংকটৰ কাল বুলি অভিহিত কৰে৷ এই সময়ত যদি আমি সকলোৱে একত্ৰিত হৈ মাত এষাৰ নিদি দূৰে দূৰে থাকো তেন্তে এদিন ভৱিষ্যৎ প্ৰজন্মই আমাক ক্ষমা নকৰিব বুলি কয়৷ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কিৰলে আমাৰ ভাষা-সংস্কৃতি সকলো শেষ হৈ যাব বুলি কয়৷ 

আজি নালাগে ৫০ বছৰ পিছত অসমীয়া সংখ্যালঘু হৈ অস্তিত্বৰ সংকটত ভূগিব লাগিব৷ বিজেপিয়ে ভোটৰ স্বাৰ্থত লব খোজা সিদ্ধান্তক মষিমূৰ কৰিবলৈ ঐক্যবদ্ধ সংগ্ৰাম কৰি প্ৰবল জনমত গঢ়িব লাগিব বুলি কয়৷ যাৰ বাবে অসমৰ মতৰ মিল থকা সংগঠন সমূহে এক হৈ পুনৰ অনুষ্ঠিত হ’বলগীয়া শুনানিত বিৰোধিতা কৰা লোকৰ সংখ্যা বৃদ্ধি কৰিবলৈ এই সভাৰ আহ্বান জনােৱা বুলি কয় অখিল গগৈয়ে৷     

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতলিৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে সকলো দল-সংগঠনে মতত উপনীত হয়৷ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কলকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত কৃষক মুক্তিৰ নেতৃত্বত উপস্থিত সকলো দল-সংগঠনৰ ঐক্যমতত বুদ্ধিজীৱী ড০ দীনেশ বৈশ্য, সাংবাদিক অদীপ কুমাৰ ফুকন, আলোচনাপন্থী আলফাৰ সম্পাদক অনুপ চেতীয়া, ড০ উদয়াদিত্য ভড়ালী, কৃষক নেতা অখিল গগৈ, আব্দুল আজিজ, জোনমনি দেৱী খাউণ্ড, বাণী দাস, গকুল বৰ্মন, ষ্টিফেন লাক্ৰা, লিতুল বৰগোঁহাই, ডেভিদ চেতিয়া, কৈলাস শৰ্মা, চেমচং টেৰাঙক আহ্বায়ক হিচাপে লৈ অসম অস্তিত্বৰক্ষী সমন্বয়ৰক্ষী সমিতি নামৰ এখন মঞ্চ গঠন কৰা হয়৷ 

সভাত উপস্থিত থকা মৰাণ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, আমছু, গৰিয়া যুৱ-ছাত্ৰ পৰিষদ আদিকে ধৰি প্ৰায় ৪০ সংগঠনৰ সভাপতি-সম্পাদকসকলক আহ্বায়ক হিচাপে ৰখা হয় মঞ্চ খনৰ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আন আন সংগঠন সমূহে মাতৃভূমি অসমৰ সংকটৰ মুহূৰ্তত সকলোৱে লগ লগাটো অতিব প্ৰয়োজন বুলি কয়৷ যুটীয়া সংসদীয় সমিতি দ্বিতীয় বাৰৰ বাবে অসম ভ্ৰমণ কৰাৰ সময়ত এই মঞ্চই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কয়৷পুনৰ শুনানি অনুষ্ঠিত হলে যাতে, যথাযোগ্য আৰু যথেষ্ট পৰিমাণৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব পৰা যায় তাক লৈ সকলোৱে চিন্তা জাহিৰ কৰে৷ 

ৰাজ পথৰ আন্দোলন কৰাৰ লগতে আলোচনাৰ মাধ্যমেৰেও যাতে বিধেয়ক খন যাতে বাতিল কৰিব পৰা যায় তাৰ চিন্তা কৰাৰ থল আছে বুলি কয় একাংশ সংগঠনৰ প্ৰতিনিধিয়ে৷ একত্ৰিত হোৱাটো সময়ৰ আহ্বান আৰু আৰু বিধেয়কৰ বিৰুদ্ধে উদ্যোগ গ্ৰহণ কৰি জণগনক সমবেত কৰিব পৰাকৈ ৰূপ ৰেখা তৈয়াৰ কৰিব নতুন মঞ্চ খনে৷ সভাত উজনি-নামনিৰ প্ৰায় ৪০টা সংগঠন আৰু ৰাজ্যৰ বুদ্ধিজীৱী, ছাত্ৰ সংগঠক, কৃষক সংগঠক, মহিলা সংগঠক, জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷