ৱাশ্বিংটনঃ পুনৰ এবাৰ বিতৰ্কৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প প্ৰশাসন। আমেৰিকাত প্ৰৱেশৰ নিয়ম কঠোৰ কৰাৰ পৰিকল্পনা কৰিছে হোৱাইট হাউছে। নতুন সিদ্ধান্ত অনুসৰি ৪৩খন দেশৰ নাগৰিকৰ ওপৰত যাতায়ত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। ট্ৰাম্পৰ প্ৰথম পৰ্যায়ৰ নিষেধাজ্ঞাতকৈ এইবাৰ কঠোৰ হ’ব এই নিয়ম।

'দ্য নিউয়ৰ্ক টাইমছ'ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু গৃহ নিৰাপত্তাৰ বিষয়াসকলে সন্দেহৰ আৱৰ্তত কেইবাখনো দেশক অন্তৰ্ভুক্ত কৰি এখন খচৰা তালিকা প্ৰস্তুত কৰিছে। উল্লেখ্য যে, এই তালিকাখন তিনিটা ভাগত বিভক্ত- সম্পূৰ্ণ নিষেধাজ্ঞাৰ তালিকা, কঠোৰ ভিছা নিয়ন্ত্ৰণৰ তালিকা, আৰু ৬০ দিনৰ ভিতৰত নিৰাপত্তা সম্পৰ্কীয় চৰ্ত পূৰণ কৰিবলৈ কোৱা দেশৰ তালিকা।

লক্ষণীয়ভাৱে এই প্ৰথম তালিকাত আছে আফগানিস্তান, ভূটান, কিউবা, ইৰাণ, লিবিয়া, উত্তৰ কোৰিয়া, ছোমালিয়া, চুডান, ছিৰিয়া, ভেনিজুৱেলা আৰু য়েমেনৰ নাম। এই দেশসমূহৰ নাগৰিকৰ বাবে আমেৰিকাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে। আনহাতে দ্বিতীয় তালিকাত ১০খন দেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ নাগৰিকক কঠোৰভাৱে ভিছা নিয়ন্ত্ৰণৰ আওতালৈ অনা হ’ব। এই তালিকাত পাকিস্তান, বেলাৰুছ, ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ, ৰাছিয়া, ছিয়েৰা লিয়ন, দক্ষিণ চুডান আৰু তুৰ্কমেনিস্তান অন্তৰ্ভুক্ত কৰা হৈছে।

এই দেশসমূহৰ ক্ষেত্ৰত কেৱল ধনী ব্যৱসায়ীসকলকহে ভ্ৰমণৰ অনুমতি দিয়া হ’ব পাৰে, কিন্তু পৰ্যটক আৰু অনুপ্ৰৱেশকাৰীৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হ’ব। ভিছা লাভ কৰিবলৈ বাধ্যতামূলক ব্যক্তিগত সাক্ষাৎকাৰৰ প্ৰয়োজনো হ’ব পাৰে। তৃতীয় তালিকাত ২২খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰক ৬০ দিনৰ ভিতৰত নিৰাপত্তা সম্পৰ্কীয় চৰ্তসমূহ পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই তালিকাত বুৰ্কিনা ফাচো, কেমেৰুণ, লাইবেৰিয়া, মালি, মৰিটানিয়া, ভানুআটু, জিম্বাব’ৱে, কংগো গণতান্ত্ৰিক ৰিপাব্লিক, চেণ্ট লুচিয়া, চাও টম এণ্ড প্ৰিন্সিপকে ধৰি কেইবাখনো দেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

মন কৰিবলগীয়া যে, ট্ৰাম্প প্ৰশাসনৰ এই তালিকা ৰাজহুৱা হোৱাৰ পিছতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ। বিশেষকৈ শান্তিৰ দেশৰূপে পৰিচিত ভূটানৰ অন্তৰ্ভূক্তিত স্তম্ভিত হৈ পৰিছে বহু লোক। অৱশ্যে ট্ৰাম্প প্ৰশাসনৰ এই তালিকাত নাই ভাৰত কিম্বা চীনৰ নাম। একেদৰে নিষেধাজ্ঞাৰ তালিকাত ৰাছিয়াৰ নাম অন্তৰ্ভুক্ত হোৱাটোৱেও আশ্চৰ্যৰ সৃষ্টি কৰিছে। লক্ষ্যণীয় যে ট্ৰাম্প প্ৰশাসনে সদায় মস্কোৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ চেষ্টা কৰি আহিছে। মন কৰিবলগীয়া যে ট্ৰাম্প প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত তেওঁৰ প্ৰশাসনৰ ভ্ৰমণ নিষেধাজ্ঞা আদালতত আবদ্ধ হৈ আছিল। পিছলৈ ২০২১ চনত জো বাইডেন ৰাষ্ট্ৰপতি হয় আৰু নিষেধাজ্ঞা বাতিল কৰি ইয়াক “ৰাষ্ট্ৰীয় লজ্জাজনক” বুলি অভিহিত কৰে।

অৱশ্যে এইবাৰ ট্ৰাম্পে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ নিৰাপত্তাৰ স্বাৰ্থত পুনৰ এই নিষেধাজ্ঞা আৰোপ কৰা হ’ব। তেওঁ কয় যে যিসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, বা অনুপ্ৰৱেশ আইন ভংগ কৰি দেশৰ ক্ষতি কৰিব বিচাৰে তেওঁলোকক প্ৰৱেশৰ পৰা বঞ্চিত কৰা হ’ব। ট্ৰাম্প প্ৰশাসনৰ এই খচৰা তালিকাখন বৰ্তমান পৰ্যালোচনাধীন হৈ আছে আৰু খবৰ অনুসৰি অহা সপ্তাহত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ’ব পাৰে। অৱশ্যে ইতিমধ্যে ভিছা লাভ কৰা সকলৰ এই নিষেধাজ্ঞা আৰোপ কৰা হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। একেদৰে গ্ৰীণ কাৰ্ডধাৰীৰ ক্ষেত্ৰতো এই নতুন নিয়ম প্ৰযোজ্য হ’ব নে নহয় সেই সম্পৰ্কেও অনিশ্চয়তা অব্যাহত আছে।