ডিজিটেল ডেস্কঃ দেশত মহামাৰিৰ ৰূপ ধাৰণ কৰা ধৰ্ষণৰ কাণ্ডক লৈ এইবাৰ মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণে৷ মঙলবাৰে এক অনুষ্ঠানত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মানুহৰ মানসিকতা সলনি কৰাৰ বিষয়ে উল্লেখ কৰে৷ 

নিৰ্মলা সীতাৰামণে ধৰ্ষণৰ কাৰণে মহিলাৰ পিন্ধা কাপোৰক জগৰীয়া কৰাটো ভুল বুলি মন্তব্য কৰে৷ যদি এগৰাকী মহিলাৰ কাপোৰেই ধৰ্ষণৰ কাৰণ হ’ব পাৰে তেন্তে শিশুসকল কিয় নিৰ্যাতনৰ বলি হয়? অথবা বয়সীয়াল মহিলাবোৰ কিয় ধৰ্ষণৰ বলি হয় বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে৷ ধৰ্ষণৰ কাৰণে মানসিকতাই দায়ী বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে৷ 

নিৰ্মলা সীতাৰামণে কয়, প্ৰতি ১০ গৰাকী ধৰ্ষিতাই ধৰ্ষণকাৰীক চিনি পায় বা জানে৷ ধৰ্ষণকাৰী ধৰ্ষিতাৰ মামা, খুৰা, পেহা, বন্ধু অথৱা ওচৰ চুবুৰীয়া হয়৷ যিয়ে ধৰ্ষিতাক ভালদৰে চিনি পায়৷ 

ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰী সংস্থাসমূহ অধিক সক্ৰিয় আৰু সচেতন হৈ পৰা উচিত বুলি মন্তব্য কৰি প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণে নাৰীক সদায় সন্মান কৰা উচিত বুলি পুৰুষ সমাজক সকীয়াই দিয়ে৷