filephoto
filephoto

newsnextone.com | গুৱাহাটীঃ যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷ 

জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় সংগঠনৰ নেতাৰ নেতৃত্বত ৰাজপথ কঁপাই তুলুছুল জনজাতিকৰণৰ দাবীত৷ জনগোষ্ঠীসমূহৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত তেজ দিম তথাপিও জনাজতিকৰণ লৈহে এৰিম বুলি শ্ল’গান দিছিল নেতাসকলে৷ নেতাসকলৰ আহ্বানত হাজাৰ হাজাৰ নিজ জনগোষ্ঠীৰ লোক ৰাজপথলৈ ওলাই আহিছিল৷ চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল৷ চৰকাৰে বাৰে বাৰে আশ্বাস দিছিল যদিও জনগোষ্ঠীসমূহৰ সহজ-সৰল ৰাইজ বাৰে বাৰে জনজাতিকৰণৰ পৰা বঞ্চিত হৈছিল৷ 

ৰাইজে আৱেগেৰে ওলাই আহি জনজাতিকৰণ বিছাৰিছিল৷ ৰাজ পথ কঁপাই চৰকাৰক সকীয়াই দিছিল তোমালোকে আমাক যদি জনজাতিকৰণ নিদিয়া তেন্তে তোমোলোকক আমি শাসনৰ গাদীত নাৰাখো৷ হয়, ৰাইজৰ মতেই হ’ল কংগ্ৰেছৰ চৰকাৰ শাসনৰ পৰা আতৰি যোৱাৰ লগতে ২০১৪ চনত নতুন ৰাজনীতি আৰম্ভ হ’ল৷ ২০১৪ চনত বিজেপিৰ বতাহ বলিল৷ গৰম হ’ল সমগ্ৰ দেশৰ পৰিৱেশ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশ ব্যাপি কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলিল৷ 

কংগ্ৰেছ সেই বতাহত থিয় থাকিব নোৱাৰি ধৰাশয়ী হ’ল৷ তাৰ লগে লগে অসমৰ ৬ জনগোষ্ঠীৰ দাবী কৰি অহা নেতৃত্বই ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে বিজেপিৰ সৈতে জনজাতিকৰণৰ দাবীত আলোচনাত বহে৷ আলোচনাত বহাৰ কালত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে কম দিনৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ আশ্বাস দিয়া বুলি প্ৰকাশ কৰিছিল প্ৰতিবাদৰ নেতৃত্ব গ্ৰহণ কৰি অহা নেতৃত্বই৷ 

২০১৪ চনত চৰকাৰ গঠন হ’ল বিজেপিৰ৷ বাৰে বাৰে প্ৰতিবাদী নেতৃত্বই পুনৰ জনজাতিকৰণৰ দাবী জনাই কৰিলে প্ৰতিবাদ৷ নিৰ্বাচনৰ পূৰ্বে চৰকাৰ গঠন কৰিব পাৰিলেই বিজেপিয়ে জনাজাতিৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বাৰে বাৰে এটাৰ পিছত এটাৰ সমস্যাৰ সৃষ্টি কৰি মাহৰ পিছত মাহ পাৰ কৰি পুনৰ ৫ বছৰ পাৰ হ’বৰ হ’ল৷ ২০১৯ চনত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু ২০১৪ চনৰ পূৰ্বে যিটো গতিত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল তেনেদৰে বিজেপি তথা মোডী চৰকাৰৰ বিৰুদ্ধে ৬ জনগোষ্ঠীৰ নেতৃত্বই প্ৰতিবাদ কৰা দেখা নগ’ল৷ 

গণ অধিকাৰ সংগ্ৰাম সমিতি, আটাছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা আদি সংগঠনে তেনেদৰে প্ৰতিবাদ আগুৱাই নিব নোৱাৰিলে৷ সংগঠনকেইটাই জানিছিল যে ২০১৭ চনৰ ৩০ জুনলৈকে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ অন্তিম সময়সীমা আছিল যদিও মডেলিটিৰ নামত তিলমানো গুৰুত্ব নিদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজনীতিহে কৰিলে৷ তথাপিও পূৰ্বৰ দৰেই প্ৰতিবাদ কৰি যাব লাগিছিল যদিও প্ৰতিবাদ অব্যাহত নৰখাত চৰকাৰৰ ঘৰত জনজাতিকৰণৰ বিষয়টোৰ গুৰুত্ব লাঘৱ হয়৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বহু বাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও চৰকাৰে গুৰুত্ব সহকাৰে নললে৷

জনজাতিকৰণ আমাৰ ন্যায্য দাবী শ্ল’গানেৰে জনজাতিকৰণৰ আন্দোলনক নতুন মাত্ৰা প্ৰদান কৰা হ’ব স্পষ্টও কৰিছিল জনগোষ্ঠীয় সংগঠনকেইটাই৷ যেতিয়ালৈকে জনজাতিকৰণৰ দাবী পূৰণ নহয় তেতিয়ালৈকে ক্ষান্ত হোৱাৰ প্ৰশ্নই নাহে বুলিও হুংকাৰ দিছিল জনগোষ্ঠীয় সংগঠনকেইটাই৷ চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজিলে অগণতান্ত্ৰিক আন্দোলনেৰে হলেও জনগোষ্ঠীয় সংগঠনকেইটাই নিজৰ অধিকাৰ সাব্যস্ত কৰিব বুলি সকীয়াই দিছিল।

কেৱল হুংকাৰ দি হাজাৰ হাজাৰ লোকক ৰাজ পথলৈ উলিয়াই আনি অৱশেষত জনজাতিকৰণ এক আধৰুৱা আন্দোলন হৈ ৰ’ল নে কি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ চৰকাৰক সকীয়াই দি আন্দোলন বাস্তৱায়িত কৰি বিজেপি চৰকাৰক সংগঠনকেইটাই জনজাতিকৰণ দিবলৈ বাধ্য কৰিব লাগিছিল বুলি একাংশ লোকে মত পোষণ কৰে৷