নতুন দিল্লীঃ নতুন কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰিলে বিজেপিয়ে৷ মোডীৰ নেতৃত্বত বিজয়ৰ ৰথ ৰৈ থাকিব খোজা নাই বিজেপিৰ৷ গোৱা, হিমাচল প্ৰদেশ, গুজৰাট বিধান সভা নিৰ্বাচনত ভাল ফলাফল কৰে বিজেপিয়ে৷
পুনৰ শনিবাৰে ঘোষণা কৰা নিৰ্বাচনত ২৫ বছৰীয়া দলক হৰুৱাই বিজেপিয়ে বাজি মাৰে৷ দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী, মোডীক আদৰণি জনাই সভাপতি অমিত শ্বহে কয়, নৰেন্দ্ৰ মোডী ভাই দেশৰ কোটি কোটি কৰ্ম কৰ্তাৰ তৰফৰ পৰা আপোনাক কব বিছাৰিছো আপোনাৰ সৈতে আমি আছো৷
আপোনাৰ নেতৃত্বত ২০১৯ চনত বহুত ডাঙৰ সফলতা লাভ কৰিব ওলাইছো৷ ৬০ খন বিধান সভা সমষ্টিৰ ত্ৰিপুৰাত বিজেপিয়ে ৪৪ খন আসন লাভ কৰে৷ যাৰ ফলত দেশৰ ইমূৰৰ পৰা সিমূৰলৈ আনন্দত উটি ভাহি যায় বিজেপিৰ নেতা-কৰ্মী৷ পিছ পৰি থকা কেন্দ্ৰীয় নেতৃত্বও৷ ৰাষ্ট্ৰীয় সভাপতি খোদ দিল্লীৰ নতুন কাৰ্যালয়লৈ আহি বিজয় উৎসৱত অংশ লয়৷
কেৱল ত্ৰিপুৰাতে নহয় নাগালেণ্ড বিধান সভা নিৰ্বাচনতো ৪৪ খন আসন লাভ কৰি ভাল ফলাফল কৰে বিজেপিয়ে৷ শনিবাৰে ফলাফল ঘোষণা সমাপ্ত হোৱাৰ পিছতেই দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী, মোডীক আদৰণি জনাই সভাপতি অমিত শ্বহে কয়, নৰেন্দ্ৰ মোডী ভাই দেশৰ কোটি কোটি কৰ্ম কৰ্তাৰ তৰফৰ পৰা আপোনাক কব বিছাৰিছো আপোনাৰ সৈতে আমি আছো৷
আপোনাৰ নেতৃত্বত ২০১৯ চনত বহুত ডাঙৰ সফলতা লাভ কৰিব ওলাইছো৷ মোডীয়ে কৰ্ম কৰ্তাক সম্বোধন কৰি কয়, মিডিয়াই আজিও গমেই নাপালে ডাঙৰ নেতা কোন৷ সংগঠনৰ শক্তি চাওক আমাৰ তাত কোনো চেলিব্ৰেটি নাছিল৷ তাৰ পিছতো আমি বিজয়ী হৈছো৷ হিন্দুস্তানৰ ৰাজনৈতিক বিশ্লেষক এই বিষয়ে বুজিব লাগিব৷
শূন্যৰ পৰা উচ্চ শিখৰলৈ যাত্ৰা আমি কৰিছো৷ সূৰ্য যেতিয়া ডুব যায় তেতিয়া লাল ৰঙ লৈ ডুব যায় আৰু উদয় হোৱাৰ সময়ত গেৰুৱা ৰং লৈ উদয় হয় বুলি কয় মোডীয়ে৷ লোকতন্ত্ৰত বিজয় আৰু পৰাজয় সম্ভৱ হয়৷ কিন্তু ৰাজনৈতিক দলৰ বাবে সহ্য কৰাটো বহুত কষ্ট হয়৷ ২০১৪ চনৰ পৰা দেখি আহিছো তেওলোকে গণতন্ত্ৰৰ দোহাই দি আহিছে কিন্তু পৰাজয় বৰণ স্বীকাৰ কৰিব পৰা নাই৷ কংগ্ৰেছ পাৰ্টি কেতিয়াও ইমান সৰু হোৱা নাছিল বুলিও কয়৷