মহাৰাষ্ট্ৰ/গুৱাহাটীঃ কৃষক আন্দোলনে দেশৰ একো একোখন চৰকাৰক সংকটৰ মুখলৈ ঠেলি দিব পাৰে৷ কৃষকে ৰাজ পথলৈ ওলাই আহিলে চৰকাৰৰ ভিতৰচৰাত জৰুৰীকালীন অৱস্থাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়৷ চৰকাৰে এই কথা ভালদৰেই জানে দেশৰ কৃষক আৰু ছাত্ৰৰ একতাত নিহিত হৈ থাকে অপাৰ শক্তি৷
#Maharashtra: All India Kisan Sabha march continues in Mumbai. Over 30,000 farmers marched from Nashik-Mumbai demanding a complete loan waiver among other demands. pic.twitter.com/0ydpOtXhzy
— ANI (@ANI) March 11, 2018
মহান মনীষীয়ে কৈ গৈছে যদি কৃষকে অন্তৰত আঘাত পায় তেন্তে ঋষিৰো ধ্যান ভংগ হয়৷ কৃষকৰ হাতত অদম্য শক্তি থকাৰ বাবে খাদ্য উৎপাদন কৰিব পাৰে৷ এই কৃষকৰ যেতিয়া খং উঠিব আৰম্ভ কৰে তেতিয়া এই খঙে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ তাৰ পিছতেই একো একো খন চৰকাৰৰ জনপ্ৰিয়তাৰ গ্ৰাফ নিম্নগামী হ’ব ধৰে৷ কৃষকৰ সৈতে ফেৰ মাৰি একো একোখন চৰকাৰে ভুল কৰে৷
Mumbai: Latest visuals from All India Kisan Sabha protest march. #Mahrashtra pic.twitter.com/pmA46Xs78O
— ANI (@ANI) March 11, 2018
আন দেশৰ কথা নকও আমাৰ দেশৰ চৰকাৰে কৃষক প্ৰতিবাদকাৰীক কাবু কৰি, দাবী সমূহক বিভিন্ন সময়ত তৰল যুক্তি প্ৰদান কৰি উৰুৱাই দিব খোজে৷ প্ৰতিবাদক মষিমূৰ কৰাৰ বাবে বিৰোধীৰ ষড়যন্ত্ৰ আখ্যা দিব খোজে শাসকীয় দলে৷
আৰক্ষীৰ হতুৱাই লাঠিচালনা, কন্দুৱা গেছ, প্ৰয়োগ কৰি সংগ্ৰাম বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে যদিও সময়ত সকলোবোৰ প্ৰচেষ্টাই কেতিয়াবা সফল হয় আৰু কেতিয়াবা বিফল হয়৷ কিন্তু সেই সকল কৃষকৰ ওচৰলৈ ৫ বছৰৰ মূৰকত আকৌ আঠু লবলৈ যাব লগা হয় চৰকাৰ৷
#WATCH: Over 30,000 farmers of All India Kisan Sabha march in protest demanding a complete loan waiver among other demands. The march started from Nashik and reached Mumbai today. #Maharashtra pic.twitter.com/dKinWWnmhf
— ANI (@ANI) March 11, 2018
আমাৰ দেশৰ গ্ৰাম্য অঞ্চলত শতকৰা আজিও ৭০ লোক কৃষিজীৱী৷ কৃষকৰ ভোট অবিহনে কোনো দলে কেন্দ্ৰত আৰু কোনো ৰাজ্যত চৰকাৰ গঠন কৰিব নোৱাৰে৷
কৃষকসকলে খেতি পথাৰত পানীৰ বাবে হাহকাৰ কৰিব লগা হয়৷ বেংকৰ পৰা লোৱা ঋণ মাফ কৰিবলৈ প্ৰতিবাদ কৰিব লগা হয়৷ সাৰ-বীজ বিছাৰি প্ৰতিবাদ কৰিব লগা হয়৷ কৃষকৰ আৰ্তনাদ মৰিষণ কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰছ কৰে৷ খেতিয়কৰ সমস্যা সমাধানৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও কৃষকৰ চকুলোৰ যেন অন্ত নপৰে৷ ইখনৰ পিছত সিখন চৰকাৰ আহে আৰু কৃষকক আতিশয্যা চলাই যাই কৃষকক৷
#Mumbai: Shiv Sena's Aditya Thackeray met farmers of All India Kisan Sabha and interacted with them. Over 30,000 farmers marched from Nashik to Mumbai demanding a complete loan waiver among other demands. #Mahrashtra pic.twitter.com/Vl6MsqTRgG
— ANI (@ANI) March 11, 2018
কিন্তু খেতিয়কৰ সমস্যা হলে কেতিয়াও চৰকাৰে সমাধান কৰিবলৈ চেষ্টা নকৰে৷ কেৱল ইমানে নহয় দৰিদ্ৰ কৃষকৰ অধিকাৰ, কৃষি ভূমি কাঢ়ি নি উদ্যোগ গঢ়িবলৈ চেষ্টা চলাই চৰকাৰে৷ জোৰ-জুলুম কৰি কৃষকৰ ভূমি অধিগ্ৰহণ কৰাৰ চেষ্টা চলাই৷ ঋণ মাফ আৰু আন আন সুবিধা বিছাৰি প্ৰতিবাদ কৰিবলৈ আহিলে আৰক্ষীৰ হতুৱাই লাঠিচালনা কৰি গুৰুলা-গুৰলকৈ প্ৰহাৰ কৰে৷ যাৰ ফলত কৃষকে হাহাকাৰ কৰিব লগা হয়৷
চৰকাৰে শীতলীকৰণ গৃহ নিৰ্মাণ নকৰাৰ ফলত কৃষকৰ সামগ্ৰী অধিক সোনকালে নষ্ট হয়৷ ফলত উচিত মূল্য পাবলৈ সক্ষম নোহোৱাৰ ফলত কম দামত বিক্ৰী কৰিব লগা হয়৷ চৰকাৰে কৃষকৰ সামগ্ৰী উচিত মুল্য দি কিনাৰ প্ৰতিশ্ৰুতি দি, পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়ে যদিওঁ সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ প্ৰতিশ্ৰুতি পালন নকৰাত ৰাজ্যৰ কৃষকে আজিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ বাবে হাহাকাৰ কৰিব লগা হয়৷
#Maharashtra: All India Kisan Sabha's protest march reached Mumbai. Over 30,000 farmers held the march from Nashik to Mumbai demanding a complete loan waiver among other demands. pic.twitter.com/6UVj9WUxrZ
— ANI (@ANI) March 11, 2018
দেহৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য-পথাৰত পানী নোপোৱাত ক্ষোভিত হয় ৰাজ্যৰ কৃষক৷ খেতি পথাৰত পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷
পথাৰৰ চিৰাল ফাট প্ৰত্যক্ষ কৰি বৰষুণৰ বাবে ৰৈ থাকিব লগা হয়৷ সন্তানৰ পঢ়াৰ খৰছ, পৰিয়ালৰ চিকিৎসাৰ খৰছ, পৰিয়ালৰ আন আন খৰছ কৃষি কাৰ্যৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিয়েই বহন কৰে কৃষকে৷ কিন্তু দেশৰ কৃষকৰ সৈতে আট্টহাস্য কৰিছে চৰকাৰে৷
যোৱা ২টা বছৰ ধৰি কৃষকে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে দেশৰ চৰকাৰে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই৷ বিভিন্ন ভংগীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে৷ কেতিয়াবা নিজৰ মূত্ৰ পান কৰিছে৷ কেতিয়াবা এন্দুৰ মুখত লৈ আন কেতিয়াবা মানুহৰ লাওখোলা লৈ প্ৰতিবাদ কৰিছে৷ তথাপিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই এই আন্দোলনক৷
নতুন চৰকাৰ খনেও কৃষকৰ সমস্যাক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কৃষকক খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰাৰ লগতে, উৎপাদিত সামগ্ৰীৰ উচিত মুল্য পােৱা দেখা নাযায়৷ তেনেক্ষেত্ৰত উৎপাদিত ফচলৰ বজাৰমুল্য নাপালে আৰু ঋণ মাফ নকৰিলে কৃষকসকল ক্ষুব্ধ হৈ উঠাটো তেনেই স্বাভাৱিক কথা৷
এইবাৰ মহাৰাষ্ট্ৰ চৰকাৰে কপিছে কৃষক আন্দোলনৰ বাবে৷ নাছিকৰ পৰা আৰম্ভ কৰা ৩০,০০০ হাজাৰ কৃষক তথা আদিবাসী প্ৰতিবাদকাৰীয়ে ইতিমধ্যে মুম্বাইত উপস্থিত হৈছে খোজকাঢ়ি আহি৷ আন্দেলনকাৰী কৃষকসকলে ১২ মাৰ্চত মন্ত্ৰণালয় ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে৷
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবেই এই আন্দোলন কৰি আহিছে কৃষকসকলে৷ আন্দোলনৰ কাৰ্যসূচীত যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বুঢ়া-বুঢ়ী লৈকে সকলো শ্ৰেণীৰ লোকে অংশ লৈছে৷
দিনে-নিশাই আন্দোলনকাৰীসকলে খোজ কাঢ়ি আছে৷ ৰাস্তা-ঘাট, নদীৰ পাৰতেই আশ্ৰয় নিশা আশ্ৰয় লৈছে সূৰ্য ওলোৱাৰ লগে লগে মুম্বাই চহৰ অভিমুখে খোজ কঢ়া আৰম্ভ কৰে৷ কৃষকসকলৰ পদযাত্ৰাত বিভিন্ন ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে৷ এই পদযাত্ৰাত বহু কৃষকেই খালী ভৰিৰেই যাত্ৰা কৰাৰ লগতে বহু লোকে বাঁহী বজায়, লোকগীত গাই চৰকাৰৰ দুৱাৰডলীত থিয় হৈছে বুলি জানিব পৰা গৈছে৷
চিপিএম দলৰ কৃষক মৰ্চাই অখিল ভাৰতীয় কৃষক সভাৰ বেনাৰ লৈ ১৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মুম্বাইত উপস্থিত হৈছে৷ জানিব পৰা মতে, চিপিএমৰ কৃষক মৰ্চাই নেতৃত্ব লৈ আন্দোলন আগবঢ়াই নিছে৷ কৃষকসকলক লৈ বিগত বৰ্ষতো কৃষক ৰেলী উলিয়াইছিল৷
মহাৰাষ্ট্ৰত ফাৰ্ণাবিজ চৰকাৰৰ বিকাশৰ হাৰ ২০১৭-১৮ বৰ্ষত নিম্নগামী হৈ ৭.৩ শতাংশ হৈ পৰে৷ ই হৈছে মহাৰাষ্ট্ৰত দেৱেন্দ্ৰ ফাৰ্ণাবিজৰ তিনিবছৰীয়া শাসনকালৰ সকলোতকৈ নিম্ন বিকাশৰ হাৰ৷ বিগত বৰ্ষটোত মহাৰাষ্ট্ৰৰ বিকাশৰ হাৰ ১০ শতাংশ আছিল৷ ২০১৫-১৬ বৰ্ষত বিকাশৰ হাৰ আছিল ৭.৬ শতাংশ৷
এই বৰ্ষত ৰাজকোষৰ ব্যয়ৰ হাৰ বৰ্তমান সময়ত দ্ৰুতগতিৰে বৃদ্ধি পাবলৈ ধৰিছে যাৰ বাবে কৃষকৰ ঋণ ৰেহাইৰ বাবে বেলেগকৈ ২০ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছিল৷ এই বছৰৰ আৰম্ভণিতে ৰাজহ ঘাটি অানুমানিক ৪,৫১১ কোটি টকা হোৱাৰ লগতে ৰাজকোষৰ ঘাটি ৩৮,৭৮৯, কোটি টকাতকৈ অধিক হৈছে বুলি অনুমান কৰা হৈছে৷
২০১৭-১৮ বৰ্ষটোত মহাৰাষ্ট্ৰত দুটা কাৰণৰ বাবে অৰ্থব্যৱস্থা নিম্নগামী হৈছে৷ প্ৰথম কাৰণটো হৈছে কৃষিক্ষেত্ৰত উৎপাদন কম হোৱাৰ লগতে আনটো দেৱেন্দ্ৰ ফাৰ্ণাবিজ চৰকাৰে বিগত বৰ্ষৰ জুন মাহত কৃষকক ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ নামত অতিৰিক্ত কৰ লোৱাৰ বাবেই বিত্তীয় ব্যৱস্থা শোচনীয় হৈ পৰে৷
মহাৰাষ্ট্ৰত কৃষকসকল সংকটত পৰাৰ মুখ্য উদাহৰণ হৈছে ৰাজ্যখনৰ দুৰ্বল আৰ্থিক স্থিতি, উদ্দেশ্যহীন আঁচনিৰ ৰূপায়ণ, ৰাজনৈতিক জনপ্ৰিয়তা লাভৰ বাবে ঋণ ৰেহাইৰ আশ্বাস আৰু ৰাজ্যখনৰ কৃষকসকলে ভোগ কৰি অহা সংকটৰ পৰা মুক্ত কৰিবৰ বাবে দেখুৱাই অহা ভুল পথৰ বাবেই অনিয়ন্ত্ৰিত হৈ পৰিছে৷
আন্দোলনত শিৱ সেনাই সংগ দিয়া পৰিলক্ষিত হৈছে৷ এনডিএৰ সহযোগী তথা মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগী শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে কৃষক আন্দোলনত অংশ লোৱাৰ বিষয়টো চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷