ডিজিটেল ডেস্কঃ উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ফিলিপাইনচৰ এখন চহৰত পৰ্ণ ৱেবচাইটবোৰ নিষিদ্ধ ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে এগৰাকী কাউঞ্চিলৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত পৰ্ণ ৱেবচাইটৰ ধৰ্ষণৰ সৈতে যোগসূত্ৰ থকাক লৈ বাদ-বিবাদ চলি থকাৰ মাজতে বেগিউ চহৰৰ কাউঞ্চিলৰ লেহ্ ফাৰিনাচে সকলো প্ৰকাৰৰ পৰ্ণ সংক্ৰান্ত কাৰ্যকলাপ চহৰখনৰ পৰা সমূলে উৎখাত কৰাৰ পণ লৈছে। সেইমৰ্মে কাউঞ্চিলৰগৰাকীয়ে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগক কৰণীয়খিনি ততকালে কৰিবলৈ পৰামৰ্শ দিছে।
পৰ্ণগ্ৰাফী সমাজত শিপাই পৰিছে। মানুহৰ ফোন, লেপটপ, কম্পিউটাৰৰ পৰা আৰম্ভ কৰি টিভি স্ক্ৰীণলৈকে যৌনগন্ধী গ্ৰাফিক্সৰ পয়োভৰ ঘটিছে। বিশেষকৈ পৰ্ণগ্ৰাফীয়ে শিক্ষিত যুৱচামে যৌনশিক্ষা লোৱাৰ প্ৰক্ৰিয়াত বিসংগতিৰ সৃষ্টি কৰে বুলি মতপোষণ কৰে ফাৰিনাচে। তদুপৰি পৰ্ণগ্ৰাফী চোৱাটো এটা সময়ত অভ্যাসত পৰিণত হয় আৰু ড্ৰাগছৰ দৰেই ভয়ংকৰ হৈ পৰে ইয়াৰ আসক্তি।
ফাৰিনাচক সমৰ্থন জনাই কাউঞ্চিলৰ লিনড্ৰো য়াংগোটে এক পৃথক প্ৰস্তাৱ মৰ্মে বেগিউ চহৰ অশ্লীলতা বিৰোধী পৰিষদ গঠনৰ পোষকতা কৰে। নাবালিকৰ মাজত পৰ্ণ দৃশ্য-শ্ৰাব্যই বিৰূপ প্ৰভাৱ পেলায় আৰু বিষয়টো সন্দৰ্ভত ভ্ৰান্ত ধাৰণা সৃষ্টি হয়। য়াংগোটৰ অধ্যাদেশখনে পৰ্ণগ্ৰাফিক সা-সামগ্ৰীৰ সৈতে জৰিত চক্ৰক সাংবিধানিক উপায়ে শাস্তি দিয়াৰ বাবে প্ৰস্তাৱিত পৰিষদক ক্ষমতা প্ৰদান কৰিব, যদিহে সেয়া গৃহীত হৈ যায়।
ফিলিপাইনচৰ সমাজ কল্যাণ আৰু উন্নয়ন বিভাগৰ অধীনত গঠিত সমিতি এখনে মানৱ সৰবৰাহ, শিশু পৰ্ণগ্ৰাফী আৰু মহিলা আৰু শিশুৰ বিৰুদ্ধে নিৰ্যাতন আৰু শোষণ সম্পৰ্কে যুগুতোৱা এক প্ৰতিবেদন মতে ২০১৭ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ চহৰখনত এনে ঘটনাৰ সংখ্যা আছিল ৪৯৫ টা। এনেধৰণৰ অৱক্ষয়মূলক ঘটনা ক্ৰমান্বয়ে বৃদ্ধি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে ফাৰিনাচে।
আৱেগিক, অৰ্থনৈতিক আৰু যৌন শোষণকে ধৰি বিভিন্ন অমানুষিক ঘটনা চহৰখনত ঘটি অহাৰ পৰিপ্ৰেক্ষিততে এনেদৰে পৰ্ণগ্ৰাফী নিষিদ্ধ কৰাৰ পদক্ষেপ লৈছে কাউঞ্চিলৰ ফাৰিনাচে। পৰ্ণ চাইটচবোৰ চিষ্টেমৰ পৰা আঁতৰাবলৈ বা ব্লক কৰিবলৈ ফিলিপাইনচৰ ৰাষ্ট্ৰীয় টেলিকমিউনিকেশ্যনচ্ আয়োগক আহ্বান জনাইছে ফাৰিনাচে।