newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ বাংলাদেশৰ বাবে শুকুৰবাৰৰ দিনটো বিশেষ দিন হৈ ৰব৷ কিয়নো এই দিনটোতে বাংলাদেশৰ বিজ্ঞানীসকলে বিশেষ সফলতা লাভ কৰিলে৷ ১৯৭১ চনত স্বাধীনতা লাভ কৰা দেশ খনে যেন শুকুৰবাৰে আকৌ এবাৰ স্বাধীনতা লাভ কৰিলে৷ কিয়নো দেশখনে স্বাধীন হোৱাৰ ৪৭ বছৰৰ পিছত মহাকাশত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

১৯৭১ চনত পাকিস্তানৰ আক্ৰমণৰ সময়ত চকুলো টুকি ভাৰতৰ সহায় বিচাৰিছিল দেশ খনৰ নাগৰিকে৷ ভাৰতৰ সহায়ত স্বাধীনতা লাভ কৰে দেশখনে৷ ভাৰতৰ সহায়ত স্বাধীনতা লাভ কৰিয়েই কেতিয়াও পিছলৈ চোৱা নাই দেশখনে৷ বানপানী, দৰিদ্ৰতাই কোঙা কৰা দেশ খনে পিছলৈ নাচায় কিবা এটা কৰি দেখুওৱাৰ হেপাহ পুহি ৰাখিছিল৷ 

খনিজ সম্পদৰ ভঁড়াল নাথাকিলেও বাংলাদেশৰ মানুহ কৰ্মত বিশ্বাসী৷ সৰু দেশ এখন হয়ো ক্ৰিকেটৰ দৰে খেলত বাংলাদেশৰ দখল আছে৷ বাংলাদেশৰ দৰে দেশৰ নাগৰিকে বিশ্বৰ আগাশৰীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসন দখল কৰিছে৷ নবেল বঁটা লাভ কৰা মানুহো আছে দেশ খনত৷

ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কক ৰক্তৰ ৰণৰ সময়ত কৰা সহায়ৰ সম্পৰ্ক বুলি কোৱা হয়৷ ভাৰতৰ সহায়ত স্বাধীনতা লাভ কৰা বাংলাদেশী আজি গৰ্বিত৷ ৪৭ বছৰৰ অন্তত বাংলাদেশৰ মহাকাশ বিজ্ঞানীসকলে সফলতা লাভ কৰিছে৷ সেই সফলতাত দেশৰ নাগৰিকে জয় জয়কাৰ হৈ পৰিছে৷ 

বংগবন্ধু-১ ছেটেলাইট উৎক্ষেপন কৰে বাংলাদেশে৷ বিশ্বৰ ৫৬ খন দেশৰ ভিতৰত নিজা ছেটেলাইট থকা দেশ হৈ পৰিল বাংলাদেশ৷ ছেটেলাইট থকা দেশ হৈ পৰাৰ লগে লগে এটা নিজা ছেটেলাইট থকা মালিক হ’ল বাংলাদেশ৷ বিশ্বৰ ৫৬ খন দেশৰ সৈতে বাংলাদেশ আজি মহাকাশত৷

শুকুৰবাৰৰ নিশা দীৰ্ঘ বছৰৰ নেৰা-নেপেৰা চেষ্টাৰ মূৰকত যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডী মহাকাশ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰে প্ৰথমটো ছেটেলাইট৷ পলকণ-৯ ৰকেটৰ নতুন সংস্কৰণ আৰু এয়া প্ৰথম সফল উৎক্ষেপণ৷ উৎক্ষেপনৰ ডেৰ মিনিটৰ ভিতৰত বংগবন্ধু ছেটেলাইট ৰকেট ফলকণ-৯ মেক্স কিউ অতিক্ৰম কৰে৷ 

নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি প্ৰথম ঢাপ আৰু দ্বিতীয় ঢাপ কাম কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই বাংলাদেশৰ নাগৰিকে আৱেগিক হৈ পৰে৷ শনিবাৰে এই দৃশ্য চাবলৈ দেশ খনৰ নাগৰিক ব্যাকুল হৈ আছিল৷ সফলতা লাভ কৰাৰ লগে লগে দেশ খনে এক নতুন দিশে গতি লাভ কৰিলে৷

ফ্লৰিডাৰ মহাকাশ চেণ্টাৰত প্ৰধানমন্ত্ৰীৰ পুত্ৰ থিয় দি দেশৰ পতাকা হাতত লৈ আছিল৷ কেনেডী মহাকাশ চেণ্টাৰৰ পৰা বাংলাদেশৰ প্ৰথমটো বাণিজ্যিক উপগ্ৰহ বংগবন্ধু-১ সফল উৎক্ষেপনৰ দায়িত্বত আছিল যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা৷

কেনেডী মহাকাশ চেণ্টাৰত প্ৰধানমন্ত্ৰীৰ তথ্য আৰু প্ৰযুক্তি পৰামৰ্শদাতা সহ বহু বাংলাদেশৰ প্ৰবাসী বাংলাদেশী এই মুহূৰ্তৰ সাক্ষী হৈ ৰয়৷ আৱেগিক হৈ বাংলাদেশেৰ নাগৰিকে সমগ্ৰ বিশ্বক ধন্যবাদ জনায়৷ তেওঁলোকে কয় ‘‘এতিয়া উন্নয়নৰ পথত বাংলাদেশ৷ উজ্জ্বল দৃশ্যমান দেখা গৈছে৷ দক্ষিণ এছিয়াৰ বাংলাদেশৰ উন্নয়ন অবাক বিস্ময়েৰে বিশ্বই প্ৰত্যক্ষ কৰিব৷’’

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই উপগ্ৰহৰ সফল উৎক্ষেপন হোৱা বুলি খোদ ঘোষণা কৰে৷ আজিৰ পৰা আমি ছেটেলাইট ক্লাৱৰ গৰ্বিত সদস্য৷ প্ৰথম আমি ব্যৰ্থ হৈ দ্বিতীয়বাৰ সফল হৈছে বংগবন্ধু-১ উপগ্ৰহৰ উৎক্ষেপন৷ বাংলাদেশে এতিয়া মহাকাশত অৱস্থান কৰিছে৷ বিশ্বৰ ৫৬ দেশৰ সৈতে আমিও আজি মহাকাশত৷