
কোকৰাঝাৰঃ খিলঞ্জীয়াৰ লাখ লাখ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰা তথা খিলঞ্জীয়াৰ ৯০ শতাংশ মাটিৰে ম্যাদী পট্টা নথকা সন্দৰ্ভত ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মই মন্তব্য প্ৰকাশ কৰাৰ পিছতেই অসমত অসমীয়াই যে ভগনীয়াত পৰিণত হব সেয়া ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে।
ব্ৰিটিছৰ দিনৰ পৰাই বলৱৎ হৈ থকা আছাম লেণ্ড ৰেভেনিউ ৰেগুলেশ্যন এক্ট ১৮৮৬ ৰ ভূমি অধিকাৰ আইনৰ মেৰপেচ আৰু ৰাজহ বিভাগৰ ৰঙাফিটাৰ মেৰপেচৰ মাজত খিলঞ্জীয়াৰ ভূমি সংকটত পৰাৰ পিছত হৰিশংকৰ ব্ৰহ্মৰ মন্তব্যই প্ৰকৃততে পৰিস্থিতিৰ ভয়াৱহতা উদঙাই দিছে। বিভিন্ন দল সংগঠনে বহু পূৰ্বৰে পৰা ভূমিৰ অধিকাৰ সন্দৰ্ভত মাত মাতি আহিছে যদিও চৰকাৰে বেদখলকাৰীক উচ্ছেদৰ বাবে কোনো ধনাত্মক নীতি গ্ৰহণ কৰা নাই।
♦ ট্ৰাইবেল বেল্ট, ব্লকৰ পৰা বেদখলকাৰীক উচ্ছেদৰ পক্ষত এবছু
♦ খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াটো চৰকাৰৰ দায়িত্ব: দাওৰাও নাৰ্জাৰী
এই সন্দৰ্ভত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয় যে খিলঞ্জীয়াৰ মাটি পট্টাৰ প্ৰয়োজন নাই, যিহেতু খিলঞ্জীয়াসকল ইয়াৰে বাসিন্দা। খিলঞ্জীয়াসকল চৰকাৰৰ নীতিৰ ওপৰতহে নিৰ্ভৰশীল বুলি উল্লেখ কৰি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে মাটিসমূহৰ জৰীপ কাৰ্য সম্পন্ন কৰি খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য বুলি মন্তব্য কৰে। কিন্তু বহিৰাগতসকলে ভৱিষ্যতৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়ে বিভিন্ন উপায়, কৌশলেৰে ভূমি পট্টা বাহিৰ কৰে বুলি উল্লেখ কৰি নাৰ্জাৰীয়ে চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰে ।
২০১৫ চনতে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশনা আহিছিল আৰু সেই নিৰ্দেশ অসম চৰকাৰে লাভ কৰাৰ পিছত বিটিচি চৰকাৰলৈ প্ৰেৰণ কৰিছিল যদিও সেয়া আজিলৈকে কাৰ্যকাৰী নহ'ল বুলি উল্লেখ কৰি গোটেই বিষয়বস্তুবোৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ বাবেই সমস্যাৰ সমাধান নহয় বুলি নাৰ্জাৰীয়ে মন্তব্য কৰে।
ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অৰ্হতাহীন অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিবই লাগিব বুলি মত প্ৰকাশেৰে আছাম লেণ্ড ৰেভেনিউ ৰেগুলেচন এক্টৰ চেপ্টাৰ ১০ কাৰ্যকাৰী নকৰাপৰ্যন্ত খিলঞ্জীয়াসকল সুৰক্ষিত নহব বুলি মত প্ৰকাশ কৰিছে দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে। উক্ত আইন কাৰ্যকাৰী হ'লে অৰ্হতাহীন বহুসংখ্যক সংখ্যালঘু , পূব পাকিস্থান আৰু বাংলাদেশৰ পৰা অহা হিন্দু বেংগলীকে ধৰি বহুতেই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি এৰি দিব লাগিব বুলি মন্তব্য কৰি নাৰ্জাৰীয়ে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ, অৰ্হতাহীন বেদখলকাৰীক উচ্ছেদ নকৰা পৰ্যন্ত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ ক্ষান্ত নহয় বুলিও স্পষ্ট কৰি দিয়ে।
চলিত মে মাহৰ শেষ সপ্তাহৰ পৰাই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ চলোৱাৰ দাবীত আন্দোলন আৰম্ভ কৰা হব বুলিও স্পষ্ট কৰি দিয়ে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে। তদুপৰি বেদখলকাৰীক উচ্ছেদ অভিযান কোকৰাঝাৰৰ পৰাই আৰম্ভ কৰিব লাগে বুলি দাবী কৰিছে নাৰ্জাৰীয়ে।
ইপিনে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে অতি শীঘ্ৰে ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মক লগ কৰি পুণৰাই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ দাবী জনোৱা হব বুলি মন্তব্য প্ৰকাশ কৰিছে । উল্লেখ্য যে ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মই কালি সংবাদমাধ্যমৰ আগত ৰাজ্যৰ ৯০ শতাংশ খিলঞ্জীয়াৰ মাটি পট্টা নথকাৰ উপৰিও ৬০ লাখ বিঘা বেদখলকাৰীৰ কৱলত আছে বুলি মন্তব্য প্ৰকাশ কৰিছিল।