খেৰণিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন
ভিন্ন কাৰ্যসূচী গ্রহনেৰে সজাগতাৰ বাৰ্তা প্ৰেৰণৰ শিশু বিজ্ঞানীৰ
newsnextoneখেৰণি, ৮ অক্টোবৰঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ' বিধানসভা সমষ্টিৰ অন্তৰ্গৰ খেৰণিত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয় ছাত্র-ছাত্ৰীৰ মাজত বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপনৰ জৰিয়তে ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ। উল্লেখযোগ্য যে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আয়োজন কৰা এই বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপনৰ ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বৃহত্তৰ খেৰণি অঞ্চলত অৱস্থিত কেবাখনো মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, হাবিয়াস আৰু প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি খেৰণিস্থিত খেৰণি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা বিজ্ঞানভিত্তিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ তদাৰকতা আৰু অনুষ্ঠানটোৰ বিশদ বিৱৰণ দাঙি ধৰে পশ্চিম কাৰ্বি আংলং ৰংখাং খণ্ডৰ সমন্বয়ক বীৰেন ডেকাই। মনকৰিবলগীয়া যে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে মুল বিষয়বস্তু হিচাপে "এখন পৰিচ্ছন্ন সেউজ আৰু সুস্থ দেশৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা উদ্ভাৱন" বিষয়বস্তুৰ লগত সংগতি ৰাখি লুকাই থকা প্ৰতিভাক ৰাইজৰ মাজত দাঙি ধৰাৰ অপ্ৰাণ প্ৰচেষ্টাৰে বিভিন্ন প্ৰণালী আৰু পৰীক্ষামুলক পদ্ধতিৰে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ আনহাতে আয়োজিত সমাৰোহত সমল ব্যক্তি তথা বিচাৰক হিচাপে ক্ৰমে যাদৱ নাথ, নৱ কুমাৰ ভৰালী, সুনীল বুঢ়াগোহাঁই, ৰামধন তিমুং, মুন্না পাল আৰু চাৰ-ইম ইংলেং উপস্থিত হৈ উদ্যোক্তা সকলক বিশেষভাৱে সহায় সহযোগ আগবঢ়ায়।
উল্লেখনীয় যে উক্ত সমাৰোহত অংশ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ নিৰ্বাচিত প্ৰকল্পসমূহ অহা ২৩ অক্টোবৰত প্ৰতিযোগিতামূলকভাৱে মাজুলীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক ভিত্তিক ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহত প্ৰতিযোগীৰূপে অংশগ্ৰহণ কৰি আৰ্হি প্ৰকল্পসমূহ উপস্থাপন কৰিব বুলি ইতিমধ্যে উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এইদৰে বিভিন্ন সময়ত ভিন্ন কাৰ্যসূচী গ্রহণ কৰি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে বিজ্ঞানৰ জনপ্ৰিয়তা-প্ৰয়োজনীয়তা, অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰা আদি বিভিন্ন দিশৰ সজাগতাৰ বাৰ্তা দীৰ্ঘদিনৰ পৰা খেৰণিবাসীক প্ৰদান কৰাৰ চেষ্টা চলাই আহিছে।
খেৰণিৰ পৰা কনক দেউৰী, ফোন-৮০১১৬৬২২৩৬।