25
Feb
2019
গুৱাহাটীঃ অসম পৰ্যটনৰ বাবে এক সুখবৰ।
সোমবাৰৰেপৰা আৰম্ভ হ’ল শুক্লেশ্বৰ ঘাটৰপৰা উমানন্দলৈ এক নতুন জাহাজ সেৱা। সুদীৰ্ঘ ৯ বছৰৰ পাছত আভ্যন্তৰীণ জল পৰিবহন বিভাগে নতুনকৈ আৰম্ভ কৰিলে 'এম ভি জলপৰী’ নামৰ জাহাজখন।
অসম পৰ্যতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই উদ্বোধন কৰে জাহাজখন। প্ৰায় ৮০ জন যাত্ৰী একেলগে যাব পাৰিব জাহাজখনত। পুৱা ১১ বজাত আৰু আবেলি ৪ বজাত এই জাহাজত উমানন্দলৈ যাব পৰা যাব।
ৰেষ্টুৰেন্টৰ সুবিধাও আছে জাহাজখনত। ইয়াৰ উপৰিও একেখন জাহাজতে বিয়লি ৪ বজাৰ পাছত আমোদৰ বাবে ব্ৰহ্মপুত্ৰত জল-বিহাৰ কৰিব পৰা যাব।