01
Mar
2019
সাংসদ হ’ব নেকি বৃন্দাবন গোস্বামী!

তেজপুৰঃ সমগ্ৰ দেশজুৰি বৰ্তমান লোকসভা নিবাচনক লৈ মন্ত্ৰী, সাংসদ ব্যস্ত থকাৰ সময়তে তেজপুৰৰ বিধায়ক তথা অগপ দলৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী এতিয়া ব্যস্ত হৈ পৰিছে পথ নিৰ্মাণৰ কাম আৰাম্ভ কৰাত ।
বিধায়ক বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিত ৮টা পথৰ কাম আৰাম্ভ কৰি গোস্বামীয়ে কয় যে ‘মই মোৰ সমষ্টিত এটাও কেচা পথ নাৰাখো। তেজপুৰৰ সকলো পথ এটা বছৰৰ ভিতৰত নিৰ্মাণ কৰিম ।মই ৰাজনীতি এইবাৰ উন্নয়নৰ ৰাজনীতি কৰাত গুৰুত্ব দিছো । মোৰ ২৫ বছৰীয়া বিধায়কৰ কায্যকালত বেয়া পথবোৰ নিৰ্মাণ কৰিছো । মই উন্নয়নৰ নামত বিপ্লৱৰ সুচনা কৰিব বিচাৰো’ বুলি উল্লেখ কৰি তেজপুৰবাসী ৰাইজৰ সহযোগিতা বিচাৰে ।